ৰিংকু সিঙৰ শক্তিশালী চিক্সাৰত ভাঙি পৰিল কাঁচ; চাওক ভিডিঅ’

স্পৰ্টছ ডেস্ক, ১৩ ডিচেম্বৰঃ মঙলবাৰে জিকেবেৰহাত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয় টি-২০ত ভাৰতৰ হৈ যুৱ চাঞ্চল্য ৰিংকু অতি শক্তিশালী প্ৰদৰ্শন কৰি প্ৰথন আন্তজাৰ্তিক অৰ্ধশতক অৰ্জন কৰে ।

ৰিংকুৱে বেটিং কৰিবলৈ আগবঢ়াৰ সময়ত ভাৰতে ৫৫/৩ ত শোচনীয় অৱস্থাত আছিল। কিন্তু বিস্ফোৰক বাওঁহাতীয়া ক্ৰিকেটাৰজনে মাত্ৰ ৩৯ টা বলত তেওঁৰ অপৰাজিত ৬৮ ৰাণৰ ইনিংছৰ সৈতে কাউণ্টাৰ আক্ৰমণ আৰম্ভ কৰে।

তেওঁৰ ইনিংছৰ মুখ্য আকৰ্ষণ আছিল অন্তিম অভাৰ । কিয়নো দক্ষিণ আফ্ৰিকাৰ অধিনায়ক এডেন মাৰ্ক্ৰামক ক্ৰমাগত বলত ৰিংকে এটা সুউচ্চ আৰু শক্তিশালী ৬ কোবাবলৈ সক্ষম হয় ।

ৰিংকুৰ নিখুঁত শ্বটটো ইমানেই শক্তিশালী আছিল যে বলটোৱে চাইটস্ক্ৰীণৰ ওপৰত আঘাত কৰে কাঁচৰ কাঁচ ভাঙি পৰে ।

ইনিংছত তিনিটা বল বাকী থকা অৱস্থাত বৰষুণ আৰম্ভ হয় । তেতিয়ালৈকে ভাৰতে ১৯.৩ অভাৰত ১৮০/৭ ৰাণ কৰিবলৈ সক্ষম হয়।

Share to your Social Account