গুৱাহাটীত স্কুল বাছৰ খুন্দাত মেধাবী ছাত্ৰী প্ৰিয়াৰ মৃত্যু

লিটল ফ্লাৱাৰ স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী আছিল প্ৰিয়া । হেঙেৰাবাৰীৰ বাসগৃহৰ পৰা স্কুললৈ যোৱাৰ পথতে এই দুৰ্ঘটনাটো সংঘাটিত হয় । পিতৃৰ সৈতে স্কুটিৰে বিদ্যালয়লৈ গৈছিল প্ৰিয়া ।

Share to your Social Account

নিউজ ডেস্ক, ৮ জুনঃ পথ দুৰ্ঘটনাত গুৱাহাটীত এগৰাকী স্কুলীয়া ছাত্ৰীৰ মৃত্যু হোৱ ঘটনাই পেলাইছে শোকৰ ছাঁ । বৃহস্পতিবাৰে এখন দ্ৰুতবেগী স্কুল বাছৰ খুন্দাৰ থিতাতে নিহত হয় প্ৰিয়া কুমাৰী নামৰ ছাত্ৰীগৰাকীৰ ।

লিটল ফ্লাৱাৰ স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী আছিল প্ৰিয়া । হেঙেৰাবাৰীৰ বাসগৃহৰ পৰা স্কুললৈ যোৱাৰ পথতে এই দুৰ্ঘটনাটো সংঘাটিত হয় । পিতৃৰ সৈতে স্কুটিৰে বিদ্যালয়লৈ গৈছিল প্ৰিয়া । গণেশগুৰিত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।

ইতিমধ্যেই বশিষ্ঠ আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ লগতে চাললক গ্ৰেপ্তাৰ কৰিছে । বিপুল বড়ো বুলি চিনাক্ত কৰা হৈছে বাছ চালক জনক । আনহাতে বাছখনৰ হেণ্ডিমেনগৰাকীকো আটক কৰিছে আৰক্ষীয়ে । দুৰ্ঘটনা সংঘটিত কৰি বাছসহ পলায়ন কৰিছিল চালকজন।

Share to your Social Account