ভোটগণনাক কেন্দ্ৰ কৰি তিনিচুকীয়াত ১৪৪ ধাৰা জাৰী; সৰ্বানন্দ সিংহ ষ্টেডিয়ামত প্ৰস্তুতি সম্পূৰ্ণ
![](https://updatenowne.in/wp-content/uploads/2024/06/110-1024x576.jpg)
তিনিচুকীয়া, ২ জুন: নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনটোত তিনিচুকীয়া জিলাত শান্তি শৃংখলা বৰ্তাই ৰখাৰ স্বাৰ্থত জিলাখনত ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ নং ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে।
জিলা আয়ুক্ত স্বপ্নীল পালে শনিবাৰে জাৰী কৰা এক আদেশ মৰ্মে তিনিচুকীয়াৰ সৰ্বানন্দ সিংহ ষ্টেডিয়ামত স্থাপন কৰা ভোট গণনা কেন্দ্ৰৰ সমীপত কোনোধৰণৰ প্ৰতিবাদী কাৰ্যসূচী বাহিৰ কৰা বা শ্লোগান দিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
তদুপৰি ভোট গণনা কেন্দ্ৰৰ ভিতৰত কোনো ৰাজনৈতিক দলৰ লোকে মাইক ব্যৱহাৰ কৰিব নোৱাৰিব। গণনা কেন্দ্ৰৰ ভিতৰত কোনেও ম’বাইল ফোন অথবা কেমেৰা লৈ প্ৰৱেশ কৰিব নোৱাৰিব।
অনুমতি অবিহনে কোনো প্ৰাৰ্থী অথবা ৰাজনৈতিক দলে সমদল বাহিৰ কৰিব নোৱাৰিব । ভোট গণনা কেন্দ্ৰৰ ১ কিলোমিটাৰ দূৰত্বৰ ভিতৰত কোনো ব্যক্তিয়ে লাঠি বা আগ্নেয়াস্ত্ৰ লৈ ফুৰিব নোৱাৰিব।
১ কিলোমিটাৰ দূৰত্বলৈকে ৫জনতকৈ অধিক লোক সমবেত হোৱাতো জিলা প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিছে। লগতে, ভোট গণনা সম্পূৰ্ণ হোৱাৰ পাছত ৪ জুনৰ দিনটোত কোনো আতচবাজী ব্যৱহাৰ কৰিব নোৱাৰিব।
জিলাখনৰ আইন-শৃংখলা নিয়ন্ত্ৰণৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে জিলা আয়ুক্ত স্বপ্নীল পালৰ দ্বাৰা । উল্লেখযোগ্য যে তিনিচুকীয়া নিৰ্বাচনী জিলাৰ অন্তৰ্গত তিনিচুকীয়া, ডুমডুমা, ডিগবৈ আৰু মাকুম বিধানসভা সমষ্টিৰ ভোটগণনা অহা ৪ জুনত ইয়াৰ সৰ্বানন্দ সিংহ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।
ইয়াৰে ডুমডুমা বিধানসভা সমষ্টিটো লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত হোৱাৰ বিপৰীতে আন তিনিটা ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত। ইয়াকে লৈ জিলা প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।
প্ৰতিটো বিধানসভা সমষ্টিৰ ভোটগণনা একে সময়তে ১৪ খনকৈ টেবুলত অনুষ্ঠিত হ’ব। প্ৰতিখন টেবুলত একোজনকৈ কাউন্টিং ছুপাৰভাইজাৰ, এজন কাউন্টিং সহকাৰী আৰু এজন মাইক্ৰো অবজাৰভাৰ নিয়োগ কৰা হৈছে।
সেইদিনা পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’বলগীয়া গণনাৰ বাবে সকলো বিষয়া-কৰ্মচাৰীকে পুৱা ৬ বজাতে হাজিৰ হ’বলৈ কোৱা হৈছে। ইফালে জিলাখনৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ ভোটগণনা মাৰ্ঘেৰিটা মহকুমাধিপতিৰ কাৰ্যালয়ত আৰু শদিয়া বিধানসভা সমষ্টিৰ ভোটগণনা শদিয়া মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হ’ব।
ইয়াৰ বাবেও সংশ্লিষ্ট মহকুমা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই সদৰী কৰিছে।