বিশেষ লেখাঃ ১
গুপ্তহত্যাৰ তালিকাখনত নাম বিচাৰিয়েই খুৰা লৈ ফোন কৰিছিলো।
-তুমি ভাস্কৰ মামাক ফোন কৰা। তেওঁৰ সৰুজন ভায়েক গুপ্তহত্যাৰ বলি হৈছিল।
-বাৰু।
ফোনটো ৰাখিয়েই মাক সুধিছিলো। জাৱেদ বৰা যে দেউতাই কৈ থকা মানুহজন ন!
অ’। তেওঁ নিবাৰণ বৰাৰ কণিষ্ঠ পুত্ৰ।
গাম্ভীৰ্যক ভাস্কৰ বৰাৰ লগত কথা পাতিবলৈ দি আমি সময় এটা ঠিক কৰিবলৈ দিলো ।
মোৰ ঘৰৰ বুকছেল্ফটোত বিশিষ্ট ৰাজনীতিবিদ সিংহপুৰুষ নিবাৰণ বৰাৰ কিতাপখন দেখা মোৰ তেনেই চিনাকি। মানুহজনৰ কথা দেউতাৰ মুখতো শুনিছিলো। তেওঁৰ বিষয়ে যথেষ্ট পঢ়িবলৈ চেষ্টা নকৰা নহয়।সন্ধিয়া তেওঁ কোৱা ঘৰৰ ঠিকনা অনুসৰি আমি আগবাঢ়িলো। আগবঢ়াই নিবলৈ তেওঁ নিজেই ওলাই আহিছিল। ফেচবুকত দেখি থকা এখন চিনাকি মুখ। স্বভাৱসুলভ হাঁহিটো মাৰি আমাক বহিবলৈ দিলে।
দৌল গোবিন্দ মন্দিৰৰ পৰা প্ৰসাদ আনিছিল হেনো। আমাক প্ৰথম ডাইনিং টেবুলত বহিবলৈ দি তেওঁ হাঁহি ক’লে – প্ৰথমে খাই লওঁ। তাৰ পিছত বহিম নে কি কোৱা!আমি বেয়া নাপালো।
দিনটো একো নোখোৱাৰ পিছতে এনেকৈ বিভিন্ন ব্যঞ্জনৰে মুখৰ আগত দিয়া প্লেটকেইখনে আমাৰ ভোক বঢ়াই তুলিছিল। মোক দেউতাৰ কথা সুধিছিল, মা ক’ত থাকে, আমি কেনেকৈ চলিছো, দেউতাহঁতৰ সন্দৰ্ভত কিবা খবৰ পাইছো নেকি! তাৰ মাজে মাজে তেওঁৰ কথাবোৰে আমাক হাঁহিবলৈ বাধ্য কৰিছিল।
মানুহজন স্পষ্টবাদী, কথাবোৰত কোনোধৰণৰ কৃত্ৰিমতা নাই, চকুহাল দেখিলে এগালমান ক্ষোভ কঢ়িয়াই লৈ ফুৰিছে বুলি বুজি পায়। হাঁহি থকা পৰিৱেশটো গহীন হৈ পৰিল।
কেমেৰাটো ৰোল হোৱাৰ পিছতে তেওঁৰ বহাই লৈ আমি আমাৰ প্ৰশ্নবোৰ সুধিবলৈ আৰম্ভ কৰিলো। তেওঁৰ পত্নীৰ প্ৰত্যেকটো ঘটনাই সময়, বাৰ পৰ্যন্ত মনত আছিল। মই মাজে মাজে আচৰিত হৈ তেওঁলৈ চাইছিলো।
মোৰ কৌতুহল দেখি তেওঁ নিজেই কৈছিল- ‘মই একো পাহৰা নাই। বিভুৰ কথা সকলো মনত আছে। ’‘তাক কাটি টুকুৰা টুকুৰ কৰি সেই তেজেৰে ঘাতকে হাত ধুই অট্টহাস্য কৰিছিল। চাল্লা সি এনেই মৰিল।’’ কথাষাৰ শেষ কৰিয়েই হুক হুকাই কান্দি উঠিছিল তেওঁ।
১৯৯৩ চনৰ ১৩ মাৰ্চ তাৰিখে নিশা ১১ বজাত অন্যদিনাৰ দৰে ডিব্ৰুগড়ৰ মলখুপথাৰত বন্ধু জুৱেল গগৈৰ ঘৰলৈ খবৰ ল’বলৈ গৈছিল পাৰ্থ প্ৰতিম বৰা (বিভু) ওৰফে জাৱেদ বৰা। জুৱেল গগৈ এক দুৰ্ঘটনাত পতিত হোৱাৰ বাবে তেওঁ বিচনাৰ পৰা উঠিব পৰা নাছিল।
জাৱেদৰ বৰ ঘনিষ্ঠ বন্ধু আছিল জুৱেল। জাৱেদে নিজ মাৰুটি ভান লৈ ঘৰলৈ উভতি অহাৰ পথতে ষ্টেডিয়ামৰ কাষতে তেওঁৰ দুজনমান পুৰণি বন্ধুৱে তেওঁক আগভেটি ধৰে। জাৱেদে তেওঁলোকৰ লগত কথা পাতিয়েই কথাৰ চলেৰে বন্ধুকেইজনে তেওঁক সিহঁতৰ গাড়ীত উঠাই লৈ যায়।
এই ঘটনা প্ৰত্যক্ষ কৰা এগৰাকী যুৱকে নিশাই ভাতৃ ভাস্কৰক ফোন কৰি জাৱেদক অপহৰণ কৰাৰ খবৰ দিয়ে। সেই সময়ত এক বোলছৱিৰ দৃশ্যগ্ৰহণৰ কামৰ বাবে তেওঁ মুম্বাই চহৰত আছিল । ওৰে নিশা ঠাণ্ডাত ভাতৃৰ চিন্তাত কান্দি কান্দি কটাইছিল ভাস্কৰে। তেওঁ ততালিকে অসমলৈ আহি পিতৃৰ লগত ভাতৃক বিচৰাবিলৈ আৰম্ভ কৰিলে।
পিতৃ নিবাৰণ বৰাই আদালতৰ দ্বাৰস্থ হোৱাৰ পিছতো আৰক্ষীয়ে কোনোধৰণৰ কাণসাৰ দিয়া নাছিল। আৰক্ষীয়ে জাৱেদৰ বিৰুদ্ধেহে নানা অপপ্ৰচাৰ চলাইছিল। – ‘সি সংগঠন কৰা ল’ৰা সংগঠনলৈ গ’লগৈ।’
বহুসময়ত পৰিয়ালৰ লোকক বহুতো লোকে জাৱেদক দেখাৰ কথাও ব্যক্ত কৰিছিল। জাৱেদৰ বিষয়ে নানা কথাই পৰিয়ালৰ লোককো অনিশ্চয়তাত পেলাইছিল। ইয়াৰ পিছতে পৰিয়ালৰ লোকে ঘুনুক ঘানাককৈ ভায়েকক হত্যা কৰাৰ কথা শুনিছিল।
অপহৰণৰ দিনা পুৱতি নিশা এখন চাহৰ দোকানত বন্ধুকেইজনৰ লগতেই কথা পাতি পাতি চাহ খাই থকা অৱস্থাত শেষবাৰৰ বাবে দেখা গৈছিল হেনো জাৱেদক। সেই নিশাই মাৰ্ঘেৰিটাৰ বিনু চেতিয়াৰ ঘৰলৈ বন্ধুৰূপী ঘাতককেইজনে জাৱেদক লৈ গৈ শাৰীৰিক শাস্তিৰ লগতে কাটি টুকুৰা টুকুৰ কৰি সেই তেজেৰে হাত ধোৱাৰ কথা শুনিছিল। জাৱেদক এনেই মাৰিলো বুলি কৈ অট্টহাস্য কৰিছিল বন্ধুৰূপী ঘাতকে।
আনুষ্ঠানিকভাৱে আজিলৈ কোনো শুংসূত্ৰ নোলাল জাৱেদৰ। পৰিয়ালৰ লোকক আৰক্ষীৰ তৰফৰ পৰা কোনেও একো খবৰ নিদিলে।
১৯৮৭ চনত সংযুক্ত মুক্তি বাহিনী অসমত যোগদান কৰিছিল জাৱেদে। পৰেশ বৰুৱাৰ এক বিস্বস্ত অনুগামী আছিল জাৱেদ। সংগঠনটোৰ বৈদেশিক সচিবৰ দায়িত্বত কাৰ্যভাৰ গ্ৰহণ কৰিছিল তেওঁ। তেওঁ বিদেশত গৈ সামৰিক প্ৰশিক্ষণ গ্ৰহণ কৰা বুলি পৰিয়ালৰ লোকে গম পাইছিল।
বাংলাদেশৰ পৰা আহি গুৱাহাটীত থাকোঁতে ১৯৯০ চনত গ্ৰেপ্তাৰ কৰা হৈছিল জাৱেদক। ১৯৯১ চনত তেওঁ জামিন লাভ কৰাৰ পিছত ডিব্ৰুগড়ৰ ঘৰত বাস কৰিছিল । সেই সময়ত বহু সশস্ত্ৰ বাহিনীৰ কেডাৰ তথা বিষয়ববীয়াই আত্মসমৰ্পণ কৰিছিল।
পৰিয়ালৰ লোকে শুনা অনুসৰি জাৱেদক আত্মসমৰ্পণকাৰীসকলে লগত ৰাখি থোৱা ধনকে ধৰি বন্দুক বাৰুদসমূহ ঘূৰাই দিবলৈ দায়িত্ব প্ৰদান কৰিছিল। এই কথা জাৱেদে আত্মসমৰ্পণকাৰীসকলক কোৱাৰ পিছতে জাৱেদৰ শত্ৰুলৈ পৰিণত হয় কেইবাজনো বন্ধু। তাৰ ফলতেই জাৱেদৰ ওপৰত শেন চকু আছিল আত্মসমৰ্পণকাৰীসকলৰ।
এই ঘটনাৰ লগত জড়িত তথা তথাকথিত জীৱিত অমানুহবোৰ আজিও আমাৰ মাজতে টিঘিল ঘিলাই ঘূৰি ফুৰিছে। তথাপি পৰিয়ালটোৰ বাবে কোনেও আগবাঢ়ি নাহিল।কেমেৰাটো অফ কৰাৰ পিছতো ভালেসময় কথা পাতিছিলো আমি। তেওঁ কৈছিল আলফাৰ জন্মবৃত্তান্ত। কিদৰে এখন ঘুমতি দোকানত মিটিং হৈছিল তেওঁলোকৰ।
সেইসময়ত হেনো আন্ধাৰ হোৱাৰ পিছত নিশা অকলে ঘুৰি ফুৰাটো অত্যন্ত বিপজ্জনক। য’ত তত জধে মধে লোকক গুলীয়াই মৰাটো, মাৰ পিত কৰাটো, ধমকি দিয়াটো সহজলভ্য কথাৰ দৰে আছিল। কেইবাবাৰো ভাস্কৰ বৰা নিজেও তেনে ঘাতকৰ হাতৰ পৰা কোনোমতে বাচি আহিছিল। নব্বৈ দশকৰ ক’লা ইতিহাস কিমান ভয়ংকৰ!!!
-কাৰেং ইংতীপি ফুকন-