
নিউজ ডেস্ক, ২০ জুনঃ অৱশেষত মুকলি আকাশৰ তললৈ আহিল শৃংখল চলিহা। ৪৫ দিনৰ অন্তত মুক্তি লাভ কৰিলে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ হৈ কাৰাবন্দী হোৱা বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে । সোমবাৰে মাজ নিশা শৃংখলা চলিহাক মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে ।
জিলা দণ্ডাধীশৰ আদেশ নং SVMJ/NSA/16/2023/10(A)ৰ দ্বাৰা শৃংখল চলিহাক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ ধাৰা 3(2)ৰ অধীনত শৃ্ংখল চলিহাক গ্ৰেপ্তাৰ কৰা হৈছিল। উক্ত হুকুমনামাত জিলা দণ্ডাধীশ আদিত্য বিক্ৰম যাদৱে শৃংখল চলিহাৰ বিভিন্ন কাৰ্যকলাপ পৰ্যৱেক্ষণ কৰি তেওঁক সমাজৰ জাতি-সম্প্ৰদায়ৰ মাজত বিভেদৰ বীজ সিঁচাৰ লগতে সমাজত এক অশান্তিকৰ বাতাৱৰণ সৃষ্টি কৰাৰ বাবে ৰাইজৰ সুৰক্ষাৰ প্ৰতি ভাবুকি বুলি গণ্য কৰি ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা বুলি পূৰ্বে উল্লেখ কৰিছিল।