নিৰ্বাচনী শপতনামাঃ মুঠ ৪৩লাখ টকাৰ গৰাকী অজাপৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ
![](https://images.news18.com/ibnlive/uploads/2020/12/1608216900_5-6.jpg?im=FitAndFill,width=1200,height=675)
আপডেট নাউ, ২ এপ্ৰিলঃ ডিব্ৰুগড় লোকসভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে দাখিল কৰা নিৰ্বাচনী শপত নামা অনুসৰি তেওঁৰ হাতত বৰ্তমান নগদ ৯,৪৯,১২৮ টকা আছে ।
ইয়াৰ উপৰিও বিভিন্ন বেংকত বৰ্তমানলৈকে লুৰীণজ্যোতিৰ মুঠ জমা আছে ৬,৭১,৯৩২ টকা । আনহাতে লুৰীণজ্যোতিৰ পষ্টেল আৰু অন্যান্য সেৱাত বীমা আছে ৭,৯৫,৪১২ টকা । লগতে আছে ৯০ হাজাৰ টকাৰ অলংকাৰ । অৰ্থাত লুৰীণজ্যোতিৰ মুঠ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হ’ল ২৫,১১,৪৭২ টকা ।
ইয়াৰে বিপৰীতে ভূমিকে ধৰি অজাপৰ প্ৰাৰ্থীগৰাকীৰ মুঠ স্থাৱৰ সম্পত্তিৰ বৰ্তমানৰ বজাৰ মূল্য হ’ল ৯ লাখ ২০ হাজাৰ টকা(৯,২০,০০০) । সৰ্বানন্দ সোণোৱালৰ দৰে লুৰীণজ্যোতি গগৈৰ নামতো নাই কোনো বাহন । উল্লেখ্য যে, ২০০৪ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত গণিতত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল লুৰীণে ।