৪কোটি টকাৰ সম্পত্তিৰ গৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

আপডেট নাউ, ২ এপ্ৰিলঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী শপতনামা অনুসৰি তেওঁৰ প্ৰায় ৪.৭৬ কোটি টকাৰ সম্পত্তি আছে।

মঙলবাৰে দাখিল কৰা শপতনামাত ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰি সোণোৱালে ঘোষণা কৰে যে তেওঁৰ ওচৰত ১.৬৪ কোটি টকাৰ অস্থাৱৰ সম্পত্তি আৰু ৩.১১ কোটি টকাৰ স্থাৱৰ(কৃষি আৰু অনা-কৃষি ভূমি)  সম্পত্তি আছে।

তেওঁৰ স্থাৱৰ সম্পত্তিৰ ভিতৰত আছে অইল ইণ্ডিয়া লিমিটেডৰ ১০,২৪৯ টা শ্বেয়াৰ যাৰ বৰ্তমানবজাৰ মূল্য ৫৯,৭৪,১৪২ টকা, ৪৭,৫৭,৭০৫ টকাৰ বেংক জমা, আৰু ৩৭,০০,০২৫ টকাৰ অন্যান্য বিনিয়গ।

জাহাজ, জলপথ, বন্দৰ আৰু আয়ুষৰ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ কোনো ব্যক্তিগত বাহন নাই । কিন্তু তেওঁৰ ১,৩৫,০০০ টকাৰ সোণৰ গহনা আৰু তেওঁৰ লগত থকা ঘৰুৱা সামগ্ৰীৰ মূল্য ১,৯০,০০০ টকা৷ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰত নগদ ২৭,৬৭৯ টকা আছে৷

সোণোৱালৰ স্থাৱৰ সম্পত্তিৰ ভিতৰত আছে ডিব্ৰুগড়ত উত্তৰাধিকাৰী কৃষিভূমিৰ চাৰিটা প্লট, যাৰ আনুমানিক বজাৰ মূল্য ৩৬,২০,০০০ টকা। তেওঁৰ চাৰি স্থানত অনা-কৃষিভূমি আছে  । ডিব্ৰুগড়ৰ তিনিটা স্থানত আৰু গুৱাহাটীৰ এটা স্থানত । যাৰ বজাৰ মূল্য আনুমানিক ১,০০,০০০ টকা। তেওঁৰ লাইবেলিটি ২৫,৭৮,৩৭০ টকা।

তেওঁ লগতে ঘোষণা কৰিছে যে তেওঁৰ বিৰুদ্ধে কোনো গোচৰ নাই, আৰু তেওঁক কোনো অপৰাধমূলক গোচৰৰ বাবে দোষী সাব্যস্ত হোৱা নাই।

সোণোৱালে তৃতীয়বাৰৰ বাবে ডিব্ৰুগড় আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে । ২০০৪ চনত প্ৰথমবাৰৰ বাবে অসম গণ পৰিষদৰ (অগপ) প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰি জয়ী হৈছিল।

কিন্তু, তেওঁ ২০০৯ চনত সমষ্টিটোত কংগ্ৰেছৰ হাতত পৰাজিত হৈছিল। তেওঁ আইনৰ স্নাতক আৰু গৌহাটি বিশ্ববিদ্যালয়ৰ পৰা যোগাযোগ আৰু সাংবাদিকতাতো ডিগ্ৰী লাভ কৰিছে।

Share to your Social Account