চাঞ্চল্যকৰ ঘটনা; ম’বাইলত মেচেজ কৰাৰ বাবেই ভগ্নীক গুলীয়াই হত্যা যুৱকৰ

নেশ্যনেল ডেস্ক, ১১ ডিচেম্বৰঃ উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । এইবাৰ নিজ ভগ্নীক গুলীয়াই হত্যা কৰিলে এজন যুৱকে । আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যুৱকজনে তেওঁৰ ভগ্নীক ম’বাইলত মেচেজ কৰা বন্ধ কৰিবলৈ কৈছিল । কিন্তু কিশোৰীগৰাকীয়ে ককায়েকৰ কথা শুনা নাছিল । এই কাৰণতে যুৱকজনে ভণীয়েকক গুলীয়াই হত্যা কৰে ।

ঘটনাটো দেওবাৰে নিশা শ্বেখপুৰা কাদিম গাঁৱত সংঘটিত হয় । মুস্কান (১৭) নামৰ কিশোৰীগৰাকীয়ে নিজ মোবাইল ফোন ব্যৱহাৰ কৰি আছিল আৰু তাইৰ ককায়েক আদিত্যই তাইক মেচেজ কৰা বন্ধ কৰিবলৈ কৈছিল, এএছপি (মহানগৰ) অভিমণিয়ু মাংলিকে কয়।

মুস্কানে তাইৰ ককায়েকৰ কথা শুনিবলৈ অস্বীকাৰ কৰে আৰু তৰ্ক বাঢ়ি অহাৰ লগে লগে আদিত্যই পিষ্টলেৰে তাইক গুলীয়াই হত্যা কৰে, এএছপিগৰাকীয়ে লগতে কয় ।

স্থানীয় লোকে কিশোৰীগৰাকীক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যায় যদিও তেওঁক মৃত বুলি ঘোষণা কৰে ।

আৰক্ষীয়ে কয় যে পলাতক অভিযুক্তক ধৰিবলৈ এটা অভিযান আৰম্ভ কৰা হৈছে । অভিযুক্তৰ বয়স ২০ বছৰৰ অধিক ।

স্থানীয় লোকে কয় যে আদিত্যই একেখন গাওঁৰ আন এটা সম্প্ৰদায়ৰ যুৱকৰ সৈতে তেওঁৰ ভগ্নীৰ সম্পৰ্কৰ বিৰোধিতা কৰিছিল।

Share to your Social Account