ওড়িশাত আকৌ অঘটন; এইবা‌ৰ চলন্ত ৰে’লত লাগিল জুই

ওড়িশাত প্ৰকৃততে হৈছে কি? আকৌ ওড়িশা ৰে’লত সংঘটিত হৈছে অঘটন। এইবাৰ ওড়িশাত দুৰ্গ-পুৰী এক্সপ্ৰেছত লাগিলে জুই । বৃহস্পতিবাৰে নিশা দুৰ্গ-পুৰী এক্সপ্ৰেছৰ এটা দবাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে।

Share to your Social Account

নেশ্যনেল ডেস্ক, ৯জুন: ওড়িশাত প্ৰকৃততে হৈছে কি? আকৌ ওড়িশা ৰে’লত সংঘটিত হৈছে অঘটন। এইবাৰ ওড়িশাত দুৰ্গ-পুৰী এক্সপ্ৰেছত লাগিলে জুই । বৃহস্পতিবাৰে নিশা দুৰ্গ-পুৰী এক্সপ্ৰেছৰ এটা দবাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে।

সূত্ৰঅনুসৰি, ৰে’লখনৰ বি3 ডবাৰ তলত ব্ৰেক পেডৰ ওচৰত জুই দেখা গৈছিল । ইষ্ট কোষ্ট ৰেলৱে (ইচিঅ’আৰ)ৰ প্ৰাথমিক প্ৰতিবেদন অনুসৰি, ব্ৰেক অসম্পূৰ্ণভাৱে মুকলি হোৱাৰ বাবে ঘৰ্ষণৰ ফলত ব্ৰেক পেডত জুই লাগিছিল। কোচৰ ভিতৰত কোনো জুই নাছিল আৰু ব্ৰেক পেডৰ বাহিৰে, আন কোনো স্থানত ক্ষতি হোৱা নাই ।

ইচিঅ’আৰে নিশ্চিত কৰি কয় যে এই সমস্যাটো সমাধান কৰা হঢ় আৰু ৰেলখন নিশা ১১ বজাত খাৰিয়াৰ ৰোড ষ্টেচনৰ পৰা প্ৰস্থান কৰে । উল্লেখযোগ্য যে নিশা প্ৰায় ১০ বজাত এই ঘটনা সংঘটিত হৈছিল। স্থানীয় সূত্ৰঅনুসৰি, ৰে’লখন খাৰিয়াৰ ৰোড ষ্টেচনত উপস্থিত হোৱাৰ লগে লগেই জুই দেখা গৈছিল ।

এচি ডবাসমূহৰ এটা ডবাৰ তলৰ পৰা ঘন ধোঁৱা ওলাবলৈ আৰম্ভ কৰিছিল। যাত্ৰীসকল কোচৰ পৰা ওলাই আহিছিল আৰু অঞ্চলটো ধোঁৱাৰে আবৃত হৈছিল। সূত্ৰই সদৰী কৰে যে অগ্নি নিৰ্বাপক সেৱাৰ কৰ্মীৰ সহযোগত জুই নিয়ন্ত্ৰণলৈ অনা হয় । জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ অনাৰ পিছত, ৰেলখনক ইয়াৰ যাত্ৰা পুনৰ আৰম্ভ কৰিবলৈ অনুমতি দিয়া হয় ।

Share to your Social Account