লিডুৰ কয়লাখনিত আকৌ দুই শ্ৰমিকৰ মৃত্যু

তিনিচুকীয়াৰ লিডু কয়লাখনিত পুনৰ দুজন শ্ৰমিকৰ মৃত্যু হৈছে ৷ মৃত শ্ৰমিক দুজন লিডুৰ ইটাখোলা অঞ্চলৰ নিবাসী ৰূপেশ্বৰ ফুকনৰ পুত্ৰ নয়ন ফুকন (২৪) আৰু আনজন হাজং উপাধিৰ বুলি জানিব পৰা গৈছে ৷

Share to your Social Account

নিউজ ডেস্ক,৮ জুনঃ তিনিচুকীয়াৰ লিডু কয়লাখনিত পুনৰ দুজন শ্ৰমিকৰ মৃত্যু হৈছে ৷ মৃত শ্ৰমিক দুজন লিডুৰ ইটাখোলা অঞ্চলৰ নিবাসী ৰূপেশ্বৰ ফুকনৰ পুত্ৰ নয়ন ফুকন (২৪) আৰু আনজন হাজং উপাধিৰ বুলি জানিব পৰা গৈছে ৷

বুধবাৰে কয়লাখনিত মৃত্যু হয় শ্ৰমিক দুজনৰ ৷ কিন্তু কেনেকৈ এই ঘটনা সংঘটিত হ’ল সেয়া বৰ্তমানেও পোহৰলৈ অহা নাই ৷ দুয়োজন শ্ৰমিক কয়লা মাফিয়া ক্ষীতিষ দেৱনাথ আৰু কে শ‍ংকৰ ৰাওৰ অবৈধ খনিত কৰ্মৰত বুলি জানিব পৰা গৈছে ৷ মৃত নয়ন ফুকনৰ পৰিয়ালৰ লোকে সদৰী কৰিছে এই কথা ৷

মুঠৰ ওপৰত এতিয়া মৃত্যুৰ উপত্যকালৈ পৰ্যবসিত হৈছে লিডুৰ কয়লা খনি ৷ কিছুদিন পূৰ্বে লিডুৰ কয়লা খনিত মৃত্যু হৈছিল তিনিচুকীয়া জিলাৰ মাকুমৰ প্ৰাঞ্জল মৰাণ নামৰ এজন যুৱৰক ৷ সেই ঘটনা মাৰ নৌযাওঁতেই পুনৰ সংঘটিত হোৱা এই ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যকৰ ৷

এই ক্ষেত্ৰত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়হতে হ’ব লক্ষণীয় ৷ অৱশ্যে প্ৰাৱম্ভিক তথ্য অনুসৰি কয়লা খনিত গেছ নিৰ্গত হৈ এই দুই শ্ৰমিকৰ মৃত্যু হোৱা বুলি জানিব পৰা হৈছে ৷ উল্লেখ্য যে তিনিচুকীয়াৰ লিডুত বৈধ কয়লা খননৰ লগতে অব্যাহত আছে অবৈধ কয়লা খনন ৷

Share to your Social Account