দেশৰ বিশ্ববিদ্যালয়-মহাবিদ্যালয়ত স্থাপন কৰিব লাগিব মোদীৰ চেল্ফি পইণ্ট-UGCৰ নিৰ্দেশনা
নেশ্যনেল ডেস্ক, ৩ ডিচেম্বৰ: বিশ্ববিদ্যালয় অনুদান আয়োগে (UGC) ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ কাষ চাপি অহাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক ছেল্ফি বুথ স্থাপন কৰিবলৈ সমগ্ৰ দেশৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহলৈ পত্ৰ প্ৰেৰণ কৰিছে।
লগতে UGCৰ পত্ৰখনত মহাৰাষ্ট্ৰৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) নেতা দত্তজী দিডলকাৰৰ জন্ম শতবাৰ্ষিকী বৰ্ষ উদযাপন কৰিবলৈ আহ্বান জনোৱা হৈছে।
শেহতীয়া পত্ৰত, ইউজিচিয়ে পৰামৰ্শ দিছে যে বিশ্ববিদ্যালয়, মহাবিদ্যালয় কৰ্তৃপক্ষই শিক্ষাৰ্থী আৰু আনসকলক এই চেল্ফি বুথসমূহত চেল্ফি ল’বলৈ উৎসাহিত কৰিব লাগিব, যাতে “বিভিন্ন ক্ষেত্ৰত ভাৰতৰ সাফল্য”ৰ ওপৰত “সামূহিক গৌৰৱ”ৰ অনুভূতি জাগ্ৰত হয়।
শুকুৰবাৰে সকলো ভাৰতীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু সকলো মহাবিদ্যালয়ৰ অধ্যক্ষলৈ প্ৰেৰণ কৰা ইউজিচিৰ সচিব মনীষ যোশীৰ এখন পত্ৰত কোৱা হৈছে, “যুৱসকলৰ শক্তি আৰু উৎসাহক ব্যৱহাৰ কৰাৰ এক অনন্য সুযোগ আছে, বিভিন্ন ক্ষেত্ৰত ভাৰতৰ প্ৰগতিৰ পৰা আহৰণ কৰা অনুপ্ৰেৰণাৰে তেওঁলোকৰ মন গঢ়ি তুলিছে।”
লগতে কোৱা হৈছে, “আহক আমি প্ৰতিষ্ঠানসমূহৰ ভিতৰত ‘চেল্ফি পইণ্ট’ স্থাপন কৰি আমাৰ দেশৰ দ্বাৰা আগবঢ়োৱা অবিশ্বাস্য পদক্ষেপবোৰ উদযাপন আৰু প্ৰচাৰ কৰোঁ। ‘ছেল্ফি পইণ্ট’ৰ উদ্দেশ্য হৈছে বিভিন্ন ক্ষেত্ৰত ভাৰতৰ সাফল্য, বিশেষকৈ ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ অধীনত নতুন পদক্ষেপৰ বিষয়ে যুৱসকলৰ মাজত সজাগতা সৃষ্টি কৰা ।”
বিশ্ববিদ্যালয় অনুদান আয়োগৰ এই নিৰ্দেশনাৰ পাছত এতিয়া দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ।