ইউক্ৰেইনে ৰাছিয়াৰ ওপৰত আৰম্ভ কৰিলে প্ৰতিআক্ৰমণ

ভলোডেমিৰ জেলেনস্কিয়ে কয়,” আমি নিজক ৰক্ষা কৰাৰ লগতে প্ৰতি আক্ৰমণ আৰম্ভ কৰি দিছো । কাৰণ ৰাছিয়াই একে ধৰণৰ আক্ৰমণ চলাই আহিছে।”

Share to your Social Account

ইণ্টাৰনেশ্যনেল ডেস্ক, ১১ জুনঃ ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত অব্যাহত আছে যুদ্ধ । শনিবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডেমিৰ জেলেনস্কিয়ে কয়,” আমি নিজক ৰক্ষা কৰাৰ লগতে প্ৰতি আক্ৰমণ আৰম্ভ কৰি দিছো । কাৰণ ৰাছিয়াই একে ধৰণৰ আক্ৰমণ চলাই আহিছে।”

ভলোডেমিৰ জেলেনস্কিয়ে লগতে কয় যে তেওঁলোকে এই প্ৰতিআক্ৰমণৰ কোনো তথ্য অথবা বিবৰণ প্ৰকাশ নকৰে‌ । তথ্য অনুসৰি, ইউক্ৰেইনৰ সেনাই দেশখনৰ পূব অংশৰ বাখমুট আৰু দক্ষিণৰ জাপোৰিজিয়াৰে ৰাছিয়াৰ দিশে আগবাঢ়িছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে শুকুৰবাৰে এক ভিডিঅ’ সাক্ষাৎকাৰত কয় যে ৰাছিয়াই এতিয়া নিশ্চিতভাৱে ক’ব পাৰে যে ইউক্ৰেনে প্ৰতিশোধমূলক আক্ৰমণ আৰম্ভ কৰিছে । কিন্তু এই আক্ৰমণ যথেষ্ট লোকচান কৰিব পৰা আক্ৰমণ নহয়।

Share to your Social Account