![](https://updatenowne.in/wp-content/uploads/2023/07/20230731_150958-1024x576.jpg)
নিউজ ডেস্ক, ৩১ জুলাই: স্বাধীনতা দিৱসৰ পূৰ্বে বিশেষকৈ উজনি অসমত সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনে নিজৰ গতি-বিধি সক্ৰিয় কৰি কৰাৰ বাতৰি পোহৰলৈ অহাৰ মাজতে আৰক্ষীয়েও অভিযান তীব্ৰ কৰিছে । বিগত শনিবাৰ আৰু দেওবাৰে দুজন কৈ লোকক আলফা(স্বাঃ)ৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগত আৰক্ষীয়ে গুলীয়াই আহত কৰে । কিন্তু জুমন বৰা আৰু যোগেন গগৈ নামৰ লোক দুজনৰ সৈতে থকা যোগাযোগৰ কথা নস্যাৎ কৰিছে সংগঠনটোৱে। এই সন্দৰ্ভত সংবাদ মাধ্যমলৈ এক বিবৃতি প্ৰেৰণ কৰিছে সংগঠনটোৱে । উল্লেখ্য যে বিবৃতিটোত সংগঠনটোৱে উত্থাপন কৰিছে এক চাঞ্চল্যকৰ অভিযোগ। কিছুদিন পূৰ্বে তিনিচুকীয়া জিলাৰ মাকুমৰ উৰণীয়া সেঁতুৰ তলত উদ্ধাৰ হোৱা IED টো সেনাবাহিনীৰ জোৱানে সংস্থাপন কৰাৰ অভিযোগ আলফা (স্বাঃ)ৰ। সংগঠনটোৱে প্ৰেৰণ কৰা বিবৃতি তলত হুবহু উল্লেখ কৰা হ’ল ।—
যোৱা ইংৰাজী ২৯ জুলাই ২০২৩ তাৰিখে তিনিচুকীয়া আৰু চৰাইদেউৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যোৰহাটৰ জুমন বৰা আৰু যোগল গগৈ “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ সদস্য নহয় আৰু আমাৰ সংগঠনৰ ফালৰ পৰা কোনোজনকৈই কোনো ধৰণৰ দায়িত্বত নিয়োগ কৰা হোৱা নাই৷
যোৰহাট চিনামৰাৰ জুমন বৰা নামৰ যুৱক গৰাকীয়ে এসময়ত আমাৰ সংগঠনৰ শুভাকাংশী হোৱাৰ প্ৰয়াস কৰিছিল যদিও “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ ফালৰ পৰা তেওঁক প্ৰত্যাখান কৰা হৈছিল৷ কিয়নো ২০২০ বৰ্ষৰ শেষৰফালে শিৱসাৰৰ তেতিয়াৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা আৰু একাংশ তথা-কথিত সাংবাদিকৰ সৈতে লগ হৈ আমাৰ সংগঠনৰ সদস্য ‘নিবাৰণ অসম’ক ধনৰ প্ৰলোভন দি যিদৰে পতিত কৰোৱালে তাৰ উৎকৃষ্ট প্ৰমাণ আমাৰ হাতত মজুত আছে৷ যি প্ৰমাণ তেতিয়া অসমৰ বিভিন্ন সংবাদ মাধ্যমটো সম্প্ৰচাৰিত হৈছিল৷
তাৰোপৰিও আলফা [স্বাধীন]ৰ নামত বিভিন্ন সময়ত দুষ্কাৰ্য্য কৰাৰ বাতৰি আমি সংবাদ মাধ্যমৰ জড়িয়েতে অৱগত হৈছোঁ৷ গতিকে তেনে এজন যুৱক আমাৰ সংগঠনৰ বিশ্বাসযোগ্য কেতিয়াও হ’ব নোৱাৰে৷ এতিয়া অসম আৰক্ষীয়ে পৰিকল্পিতভাৱে সেইজন যুৱকক আমাৰ সংগঠনৰ সদস্য বুলি ক’লে “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ লগতে অসমৰ মুক্তিকামী জনগণেও বিশ্বাস নকৰে৷ গতিকে জুমন বৰাৰ তথ্যৰ ভিত্তিত অসম আৰক্ষীয়ে উল্লেখ কৰা স্থানত বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা তথ্য আমি ’সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে প্ৰত্যাখ্যান কৰিছোঁ৷ কিয়নো এনেধৰণৰ কাৰ্য্য সেনা আৰক্ষীয়ে ইয়াৰ পূৰ্বেও কৰি গৈছে৷
স্মৰ্তব্য যে, যোৱা ২৬ এপ্ৰিল তাৰিখে মাকুম বাইপাছৰ উৰণীয়া সেতুৰ তলত উদ্ধাৰ হোৱা আই ই ডি [IED]টো৷ যিটো দাইচাজান সেনা চাউনীৰ তৰফৰ পৰা মাকুমত সংস্থাপন কৰা হৈছিল৷ উক্ত কাৰ্য্যৰ বাবে তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসে দাইচাজান কেম্পৰ চিপাহী [INT] সীমান্ত চেতিয়া, যুগান্ত মৰাণ [SULFA] আদি কৰি একাধিক ষড়যন্ত্ৰকাৰীক তেখেতৰ কাৰ্য্যালায়লৈ মাতি নি জেৰা চলাইছিল৷ সেয়েহে আমি ন-দি ক’ব পাৰোঁ যে, ১৫ আগষ্টৰ আগত মুখ্যমন্ত্ৰীগৰাকীক বিপথে পৰিচালিত কৰি গৃহ বিভাগৰ লগতে সাধাৰণ ৰাইজ বাঃ বাঃ লবলৈ কৰা এখন পৰিকল্পিত নাটক৷
আনফালে, সোণাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুগল গগৈৰ কোনোবা আত্মীয় হয়তো সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] সংগঠনত থাকিব পাৰে, সেইসূত্তে আত্মীয়জনৰ সৈতে তেখেতৰ যোগাযোগ হ’ব পাৰে, কিন্তু সংগঠনৰ ধন সংগ্ৰহৰ বাবে যুগল গগৈক নিয়োজিত কৰা হোৱা নাই৷ অসম আৰক্ষী আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনা প্ৰয়োজন যে “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ কোনো সদস্যৰ সৈতে কথা পাতিলেই সংগঠনৰ সদস্য হৈ নাযায়৷
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নিকৃষ্ট ষড়যন্ত্ৰ যদি বুজি পোৱা নাই অথবা দুয়োটা বিষয়ত সত্য-সত্যতা জানিব পৰা নাই তেন্তে অসম আৰক্ষীয়ে গুলীবিদ্ধ কৰা দুয়োগৰাকী অভিযুক্তক মুখ্যমন্ত্ৰী গৰাকীৰ তত্ত্বাৱধানত সাংবাদিকৰ সৈতে মুখামুখি কৰোৱাই দুয়োগৰাকীৰ মুখেৰে প্ৰকৃত সত্য আপোনাৰ লগতে অসমৰ থলগিৰি ৰাইজে জানিব পৰাকৈ ব্যৱস্থা কৰিবলৈ সজোৰে আহ্বান জনালোঁ৷ আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে ইয়াক প্ৰমাণ কৰিবই লাগিব৷ ইয়াৰ বিপৰীতে যদি কেৱল অসম আৰক্ষীৰ অধীক্ষক জি পি সিঙৰ কথামতেই এনেদৰে তথা-কথিত এনকাউণ্টাৰত সহযোগিতা আগবঢ়াই থাকে তেন্তে অসম অসম হৈ নাথকিব৷ ভৱিষ্যতে অসমত ভয়ঙ্কৰ পৰিস্থিতি উদ্ভৱ হ’ব, প্ৰতি নিয়ত জুই জ্বলিব আৰু তেনে পৰিস্থিতিৰ দায়িত্ব মূৰপাতি লব লাগিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে৷ গতিকে এনে কাংক্ষিত সংঘাতৰ পৰা আঁতৰি থাকিবলৈ আমি ওপৰত উল্লেখ কৰা ধৰণে দুয়োজন অভিযুক্তক সংবাদিকৰ সন্মুখত বহুৱাই তেওঁলোকৰ মুখেৰে সত্যতা ৰাজহুৱা কৰোৱাবলৈ পুনৰবাৰ আহ্বান জনালোঁ৷