অস্থিৰ ৰাজ্য; ধৰ্ষণকে ধৰি আন ঘটনাৱলীক কৰা হৈছে ৰাজনীতিকৰণ- সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণ কৰি ক’লে আলফা স্বাধীনে

আপডেট নাউ, ২৬ আগষ্টঃ ৰাজ্যত সম্প্ৰতি সংঘটিত হৈ থকা ধৰ্ষণকাণ্ডকে ধৰি বিভিন্ন অপৰাধমূলক ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমলৈ বিবৃতি আলফা স্বাধীনৰ। সাম্প্ৰতিক ইচছ্যুসমূহ ৰাজনীতিকৰণ কৰাৰ অভিযোগ উত্থাপন কৰি ঈশান অসমে প্ৰেৰণ কৰা বিবৃতিটোত কয় যে, “অতি সম্প্ৰতি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিয়পি পৰা নাৰী নিৰ্য্যাতন, ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে যিধৰণৰ সজাগতা আৰু সচেতনতা পদক্ষেপৰ প্ৰয়োজন আছিল তাৰ বিপৰীতে কেইটামান ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ বিষয়টো ৰাজনীতিকৰণ কৰাহে পৰিলক্ষিত হৈছে৷”

“উল্লেখ্য যে, যোৱা সপ্তাহটোত যি ২০ টা ধৰ্ষণ কাণ্ড সংঘটিত হ’ল, সেইসমূহত হিন্দু-সনাতন-বৈষ্ণৱ, খ্ৰীষ্টান আৰু ইছলাম সকলো ধৰ্মৰে ব্যক্তি জড়িত হৈ আছে৷ তেনেস্থলত কেৱল এটা নিৰ্দিষ্ট ধৰ্মাৱলী লোকক লক্ষ্য কৰি লোৱাটো কেতিয়াও ন্যায়সংগত হ’ব নোৱাৰে৷ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো ধৰ্ষণৰ অপৰাধীয়ে সম শাস্তি পোৱাটো সকলোৰে কাম্য হোৱা উচিত”৷

“নাৰী নিৰ্য্যাতন, ধৰ্ষণ-ব্যভিচাৰ, নিচাযুক্ত দব্যৰ অবাধ প্ৰচলন আৰু সেৱন, চোৰ-ডকাইত, সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব পৰা উচতনিমূলক বক্তব্য আদি অসামাজিক কৰ্ম-কাণ্ডই কেতিয়াও এখন সুষ্ঠ-সৱল নিকা সমাজ প্ৰতিষ্ঠা কৰিব নোৱাৰে৷ প্ৰায়বোৰ সমাজ যিহেতু আধ্যাত্মিক ভাৱধাৰাৰে পৰিচালিত হয়, তেনেস্থলত আধ্যাত্মিকতাৰ জ্ঞান বিলোৱা পুৰোধা সকলৰ দায়িত্ব আৰু কৰ্তব্য সকলোৰে আগত হোৱা উচিত”৷

“মন্দিৰৰ পুজাৰীয়ে মন্দিৰৰ ভিতৰত থাকি, সত্ৰৰ সত্ৰাধিকাৰে সত্ৰৰ ভিতৰত থাকি আৰু মছজিদৰ মৌলবীয়ে মছজিদৰ ভিতৰৰ পৰা একোখন সমাজ সংস্কাৰৰ দিবা স্বপ্ন পৰিহাৰ কৰি ৰাজনৈতিক স্বাৰ্থৰ ঊৰ্দ্ধত থাকি গাঁৱে-চহৰে-নগৰে গৈ এনে সামাজিক ব্যাধিসমূহ নিৰ্মূল কৰিবলৈ সঠিক পদক্ষেপ গ্ৰহণ কৰিব পাৰিব লাগিব৷”

“সমান্তৰালকৈ সমাজৰ গণ্যমান্য ব্যক্তি সকলেও বিষয়সমূহ কূটীল ৰাজনীতিৰ বাহিৰত ৰাখি ইয়াৰ প্ৰতিকাৰৰ উপায় উলিয়াবলৈ মনোনিৱেশ কৰিব লাগিব৷ দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু সাধাৰণ জনগণ সকলোৱে মিলি এখন কঠোৰ আইন প্ৰণয়ন কৰিবলৈ চৰকাৰক বাধ্য কৰোৱাব লাগিব”৷

“আনহাতে আইনজীৱী সকলে কেইটামান টকাৰ বিনিময়ত সঁচাক মিচা, মিচাক সঁচা কৰাৰ প্ৰৱনতা এৰি এনে কু-সংস্কাৰৰ সপক্ষে উকালতি কৰাৰ পৰিবৰ্ত্তে তেনে আবেদনক পোনচাটেই নস্যাৎ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰিব লাগিব৷ তেতিয়াহে সমাজ একোখনে সু-সংস্কাৰৰ বাট কাটিবলৈ সক্ষম হ’ব৷ ইয়াৰ বিপৰীতে স্বাৰ্থপৰায়ণ হৈ ৰাজনৈতিক নেতাৰ সুৰত সুৰ মিলাই বক্তব্য ৰাখিবলৈ গ’লে হিতে বিপৰীত ৰূপহে ধাৰণ কৰাৰ উপক্ৰম হ’ব”৷

“ইয়াৰ উপৰিও আমাৰ মাজত উজনি-নামনি কৰি অসমক ভাগ ভাগ কৰাৰ প্ৰৱণতাও বৃদ্ধি পোৱা দেখা গৈছে৷ ই অতিকে পৰিতাপৰ কথা৷ আমি সকলোৱেই অসমৰ থলগিৰি জনগণ, গতিকে অসমৰ স্বাৰ্থ ৰক্ষাৰ বাবেহে চিন্তা-চৰ্চা হোৱা উচিত৷ যিহেতু এতিয়াও কিছুমান বিষয় অমীমাংসিত হৈয়ে আছে, গতিকে উজনি-নামনি, বৰাক-ব্ৰহ্মপুত্ৰ কৰি থাকিলে ঔপনিৱেশিক শোষক গোষ্ঠীক আকৌ ভাগ ভাগ কৰিবলৈ সুবিধা প্ৰদান কৰাহে হ’ব”৷

“স্বীকাৰ্য্য যে, নব্বৈ দশকত যেতিয়া আলফাৰ প্ৰভাৱ অসম বিয়পি আছিল সেই সময়ত এনেবোৰ অসামাজিক কাৰ্য্যকলাপ প্ৰায় প্ৰতিৰোধ কৰা হৈছিল৷ আলফাৰ তেনে প্ৰতিৰোধী শক্তিয়ে ঔপনিৱেশ শোষণ-লুণ্ঠনৰ পথত হেঙাৰ সৃষ্টি কৰা বাবেই ৰাষ্ট্ৰ যন্ত্ৰটোৱে আলফাক নিষিদ্ধ কৰাৰ উপৰিও বৃহত্তৰ থলগিৰি জাতিটোক ভাগ ভাগ কৰিলে৷ সাম্প্ৰতিক সময়ত উজনি-নামনি মন্তব্যৰ বাবে পৰিৱেশ-পৰিস্থিতি যদি বেয়ালৈ গতি কৰে তেন্তে ঔপনিৱেশিক শক্তিয়ে এইবাৰ ভৌগোলিকভাৱে অসমক যে ভাগ ভাগ কৰিব সেইটো খাটাং৷ সেয়েহে, প্ৰতিগৰাকী থলগিৰি জনগণই এনে সংকীৰ্ণ মানসিকতা পৰিহাৰ কৰি বিষয়সমূহ স্থায়ী সমাধানৰ বাবে ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ ওপৰত চাপ প্ৰয়োগ কৰাহে সময়ৰ আহ্বান”৷ 

এইদৰেই সংবাদ মাধ্যমলৈ বিবৃত্তি প্ৰেৰণ কৰি সাম্প্ৰতিক ব্যৱস্থাৱলীক লৈ বিতুষ্টি প্ৰকাশ কৰিলে আলফা স্বাধীনে ।

Share to your Social Account