আলফাৰ (স্বাঃ) চাৰ্জেণ্ট মেজৰ প্ৰিয়ব্ৰত অসমৰ আত্মসমৰ্পণ

সম্প্ৰতি প্ৰিয়ব্ৰত অসমক জেৰা চলাইছে ডিব্ৰুগড় আৰক্ষীয়ে ৷ জানিব পৰা মতে 4 মাহৰ পূৰ্বেই আলফা স্বাধীনৰ শিবিৰৰ পৰা পলায়ন কৰিছিল প্ৰিয়ব্ৰত অসমে ৷

Share to your Social Account

নিউড ডেস্ক, 13 জুনঃ সোমবাৰে ডিব্ৰুগড়ত আৰক্ষীৰ ওচৰত আত্মৰ্সমপণ আলফা স্বাধীনৰ চাৰ্জেন্ট মেজৰ বিজু বাগটি ওৰফে প্ৰিয়ব্ৰত অসমৰ ৷ ম্যানমাৰস্থিত আলফা স্বাধীনৰ মুখ্য কাৰ্যালয়ৰ পৰা পলায়ন কৰি আত্মসমৰ্পণ কৰে প্ৰিয়ব্ৰত অসমে ৷

উল্লেখ্য যে ২০১১ চনত আলফা স্বাধীনত যোগদান কৰা বিজু বাগটি ওৰফে প্ৰিয়ব্ৰত অসমৰ ঘৰ চেপনৰ নাহৰণি গাঁৱত ৷ সম্প্ৰতি প্ৰিয়ব্ৰত অসমক জেৰা চলাইছে ডিব্ৰুগড় আৰক্ষীয়ে ৷ জানিব পৰা মতে 4 মাহৰ পূৰ্বেই আলফা স্বাধীনৰ শিবিৰৰ পৰা পলায়ন কৰিছিল প্ৰিয়ব্ৰত অসমে ৷ উল্লেখ্য যে শেহতীয়াকৈ সংগঠনটোত বহু যুৱক-যুৱতীয়ে যোগ দিয়াৰ সময়তে এইগৰাকী কেডাৰে আত্মসমৰ্পণ কৰিছে ৷

Share to your Social Account