কাকপথাৰ-জয়সাগৰত হোৱা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰ;জিপি সিঙক সকীয়নি

নিউজ ডেস্ক, ১০ ডিচেম্বৰঃ কিছুদিন পূৰ্বে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক কপাহতলি সেনা চাউনী আৰু শিৱসাগৰৰ জয়সাগৰৰ CRPF কেম্পৰ সমীপত হোৱা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা স্বাধীনে । এই সন্দৰ্ভত দেওবাৰে পুৱা এক বিবৃতি প্ৰেৰণ কৰে সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমে ।

এই বিবৃতিযোগে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙকো আক্ৰমণ লক্ষ্য কৰি লয় সংগঠনটোৱে । আলফা স্বাধীনে কয় যে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে অসম আৰক্ষীক নিজৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছে ।

বিবৃতিটোত আলফা স্বাধীনে কয়, ‘সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ দ্বাৰা যোৱা ইংৰাজী ২২ নৱেম্বৰ ২০২৩ তাৰিখৰ সন্ধিয়া তিনিচুকীয়া জিলাৰ ডিৰাক কপাহতলিস্থিত ভাৰতীয় সেনা বাহিনীৰ ১৯ নং গ্ৰেনেডিয়াৰ শিবিৰৰ সন্মূখত আৰু কালি সন্ধিয়া শিৱসাগৰৰ জয়সাগৰস্থিত CRPF ৰ ১৪৯নং বেটালিয়নৰ দ্বিতীয়টো শিবিৰত দুটাকৈ সামৰিক অভিযান চলোৱা হয়৷’’

লগতে কয়, “অসম আৰক্ষীৰ সৈতে আমাৰ কোনো বৈৰী ভাৱ নাই৷ যিহেতু তেখেত সকলো অসমী জননীৰ সতি-সন্ততি, সেই সুবাদতেই তেখেত সকলৰ প্ৰতি আমাৰ শ্ৰদ্ধা আৰু স্নেহ আছে৷ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াই জি পি সিঙৰ দৰে অহংভাৱ প্ৰকাশ কৰি বিভাগটোৰ ব্যক্তিগতকৰণ কৰা নাছিল৷”

 “কিন্তু জি পি সিঙে অসম আৰক্ষীক তেওঁৰ পৈত্তিক সম্পত্তি দৰে ব্যৱহাৰ কৰি যি দাম্ভিকতাৰ পৰিচয় দিছে সিয়ে অসম আৰক্ষীত কৰ্মৰত বিষয়া/সদস্য সকলৰ আত্মাভিমানত আঘাত দিছে লগতে তেওঁৰ এই দাম্ভিকতা অসমৰ থলগিৰিৰ বাবেও গ্ৰহণযোগ্য হ’ব নোৱাৰে৷”

“সেয়েহে উক্ত দুয়োটা অভিযানৰ উদ্দেশ্য জি পি সিঙে আগবঢ়োবা দাম্ভিকতা বক্তব্যৰ প্ৰতিক্ৰিয়া মাথো৷ ইয়াৰ দ্বাৰা জি পি সিঙে উপলব্ধি কৰা প্ৰয়োজন যে “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ সদস্যই যিকোনো স্থানতেই সামৰি অভিযান ৰূপায়ন কৰিব পাৰে আৰু অসম আৰক্ষীক তেওঁৰ ব্যক্তিগত সম্পত্তিৰূপে ব্যৱহাৰ কৰি থাকিলে এনে অভিযান আগলৈও চলি থাকিব৷”

Share to your Social Account