শিৱসাগৰত আলফা (স্বাঃ)ৰ লিংকমেনক আৰক্ষীৰ এনকাউণ্টাৰ

নিউজ ডেস্ক, ২৪ ডিচেম্বৰঃ তিনিচুকীয়াৰ পাছত এইবাৰ শিৱসাগত সংঘটিত হৈছে আৰক্ষীৰ এনকাউণ্টাৰ । সন্দেহজনক আলফা (স্বাঃ)ৰ লিংকমেনক আৰক্ষীয়ে গুলীচালনা কৰা বুলি জানিব পৰা গৈছে ।

গুলীবিদ্ধ যুৱকজনৰ নাম পল্লৱ জ্যোতি গগৈ । উল্লেখ্য যে দুদিন পূৰ্বে যুৱকজনক আটক কৰিছিল শিৱসাগৰ আৰক্ষীয়ে।

শনিবাৰে নিশা গেলেকীত আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে যুৱকজনলৈ লক্ষ্য কৰি গুলীচালনা কৰে । শিৱসাগৰৰ কোঁৱৰপুৰত ঘৰ পল্লৱৰ।

জয়সাগৰত আলফা স্বাধীনে সংঘটিত কৰা গ্ৰেণেড বিস্ফোৰণত যুৱকজন জড়িত আছিল বুলি সন্দেহ কৰা হৈছে ।

Share to your Social Account