জিপি সিঙক থলুৱা দেহৰক্ষী অবিহনে গুৱাহাটীত তহল দিবলৈ প্ৰত্যাহ্বান আলফা স্বাধীনৰ
![](https://updatenowne.in/wp-content/uploads/2023/12/75-1024x576.jpg)
নিউজ ডেস্ক, ১৬ ডিচেম্বৰঃ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিং আৰু সংযুক্ত মুক্তিবাহিনী অসম স্বাধীনৰ মাজত তুংগত উঠিছে সংঘাত । আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি তেওঁক মুকলি প্ৰত্যাহ্বান আলফা স্বাধীনৰ ।
উল্লেখ্য যে যোৰহাটত গ্ৰেনেড বিস্ফোৰণ সংঘটিত হোৱাৰ পাছতে জিপি সিঙে আলফা স্বাধীনক প্ৰত্যাহ্বান জনাই কৈছিল যে-অ’ত ,ত’ত বোমা ফুটাই জনসাধাৰণৰক কষ্ট দিয়াতকৈ মোৰ কাহিলীপাৰাৰ ঘৰ আৰু উলুবাৰীত আহিলেই হ’ল ।
জিপি সিঙৰ এই প্ৰত্যাহ্বান এতিয়া দুটা চৰ্ত সাপেক্ষে গ্ৰহণ কৰিছে আলফা স্বাধীনে । এই সন্দৰ্ভত সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণ কৰিছে সংগঠনটোৱে । বিবৃতিযোগে সংগঠনটোৱে কয়, “যোৱা ইংৰাজী ১৫ ডিচেম্বৰ ২০২৩ তাৰিখে জি পি সিঙে সংবাদ মাধ্যমৰ আগত “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনক যি প্ৰত্যাহ্বন জনাইছে; উক্ত প্ৰত্যাহ্বান আমি দুটা চৰ্ত সাপেক্ষে গ্ৰহণ কৰিছোঁ৷
“প্ৰথমে, জি পি সিঙে তেখেতৰ গাড়ী চালকৰ লগতে নিৰাপত্তাৰ বাবে পশ্চিমা-দক্ষিণ-পূৱ-এছিয়া [WeSEA] অঞ্চলৰ যিসকল থলগিৰি আৰক্ষী বিষয়া আৰু কনিষ্টবলক ব্যৱহাৰ কৰি আহিছে সেইসকলক ঠাইত CRPF বা ভাৰতীয় সেনা বাহিনী [WeSEA অঞ্চলৰ যুৱক-যুৱতীক বাদ দি] ক ব্যৱহাৰ কৰক৷”
“দ্বিতীয়তে, মাত্ৰ এসপ্তাহ গুৱাহাটীত মুকলিকৈ তহল দি দেখুওৱাক৷ কিয়নো, এটা দশৰ পূৰ্বে “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে অসম আৰক্ষীৰ থলগিৰি বিষয়া/সদস্যৰ লগতে ৱেছিয়া অঞ্চলৰ থলগিৰি সামৰিক বিষয়া/সদস্য সকলৰ সৈতে সংঘৰ্ষত লিপ্ত নোহোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷”
“কাৰণ, বিগত সময়ত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক দৌলত সিং নেগী আৰু তিনিচুকীয়াৰ আৰক্ষী অধক্ষীক আৰ কে সিঙৰ সৈতে সংঘৰ্ষ হওঁতে আমাৰ হাততেই ভাতৃসদৃশ বহুকেইগৰাকী থলগিৰি বিষয়া/সদস্যই মৃত্যুবৰণ কৰিছিল৷ এতিয়া আকৌ জি পি সিঙে পুনৰ সেই ভাতৃঘাটি সংঘৰ্ষৰ ৰূপ দিবলৈ বাৰে বাৰে চেষ্টা চলাইছে৷ সেয়েহে, সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে ‘উলুৰ লগত বগৰী পোৰা’ কাৰ্য্যৰ পৰা বিৰত থাকি জি পি সিঙলৈ উক্ত চৰ্তৰ প্ৰত্যাহ্বান জনোৱা হৈছে৷”
“আমি জানো, আমাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ আপোনা সাহস নাই, আছে মাথো “স্বাধীনতা ফুকন” ৰ দৰে নিৰস্ত্ৰ যুৱৱক নিশা শোৱাপাটিত পৰা উঠাই নি শীতল মস্তিষ্কৰে হত্যা কৰাৰ৷”
মুঠৰ ওপৰত এতিয়া আলফা স্বাধীন আৰু আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ মাজত এতিয়া প্ৰত্যাহ্বান দিয়া আৰু গ্ৰহণ কৰাৰ জোৱাৰ উঠিছে । য’ত পণবন্দী হৈ পৰিছে সাধাৰণ জনতা ।