পৃথক বৰাকৰ দাবী; অসমৰ বঙালীভাষীক ৬০ দিনৰ ডেডলাইন আলফা (স্বাঃ)ৰ
তিনিচুকীয়া, 15 অক্টোবৰ: শেহতীয়াকৈ ৰাজ্যত পৃথক বৰাকৰ দাবী উত্থাপন হৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰয়োজন হ’লে পৃথক বৰাকৰ ওপৰত আলোচনা হ’ব পাৰে বুলি কোৱাৰ পাছতেই পৃথক বৰাক উপত্যকাৰ দাবী তীব্ৰতৰ হৈ উঠিছে । এই ক্ষেত্ৰত হাত-উজান দিছে বিতৰ্কিত বঙালী নেতা প্ৰদীপ দত্ত ৰয়ে ।
এইবাৰ পৃথকৰ বৰাকৰ দাবী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইয়াৰ বিৰুদ্ধে সৰৱ হৈছে আলফা স্বাধীন । দেওবাৰে সংবাদ মাধ্যমলৈ এক বিবৃতি প্ৰদান কৰি আলফা স্বাধীনে বঙালী নেতা প্ৰদীপ দত্ত ৰয়ৰ প্ৰস্তাৱক অসমত বসবাস কৰা বঙালীভাষী সকলে সমৰ্থন নে বিৰোধ কৰিব সেয়া স্পষ্ট কৰিবলৈ ৬০ দিনৰ সময় ধাৰ্য কৰি দিছে । লগতে ভৱিষ্যতে যিকোনো অনাকাংক্ষিত পৰিস্থিতি উদ্ভৱ হ’লে দায়ী হ’ব লাগিব অসমত বসবাস কৰা বঙালীভাষীসকল বুলিও সকীয়নি প্ৰদান কৰিছে আলফা স্বাধীনে ।
আলফা স্বাধীনে বিবৃতিত উল্লেখ কৰা অনুসৰি, ”বুৰঞ্জী প্ৰসিদ্ধ অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যাকাৰ পাহাৰ-ভৈয়াম হৈছে অতীজৰে পৰা অসমত বসবাস কৰি অহা বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি৷ বৈচিত্ৰময় জাতি-জনগোষ্ঠীৰ বাসভূমি হ’লেও সকলোৱে অতীজৰে পৰা ঐক্য-সংহতি বজাই আহিছে ৷
উল্লেখ্য যে, বৰাক উপত্যাকাৰ বুৰঞ্জীৰ পাত লুটিয়ালে তাহানিৰ কছাৰী ৰাজ্য কোনো কালেই বঙালীৰ অধীনত নাছিল; ই বেলিৰ পোহৰৰ দৰেই সত্য ৷ আনহাতে ভূ-ৰাজনীতি পৰিপ্ৰেক্ষিতত স্বাক্ষৰিত হোৱা চুক্তি সমূহতো স্পষ্টভাৱে উক্ত অঞ্চলৰ থলগিৰিৰ কথাহে উল্লেখ আছে ৷
সম্প্ৰতি পৰিতাপৰ বিষয় এইয়ে যে, অসমৰ থলগিৰি সকলৰ উপজা ভূমিক আজি প্ৰতীপ দত্ত ৰয়ৰ দৰে ধুৰন্ধৰে নিজৰ ভূমি বুলি বিতৰ্ক সৃষ্টিৰে বিভিন্ন জাতি-জনগোষ্ঠী সমূহৰ ঐক্য-সম্প্ৰীতিত আঘাত সানি অসমৰ পৰা সমগ্ৰ বৰাক উপত্যাকাক বিচ্ছিন্ন কৰিবলৈ উঠি পৰি লাগিছে ৷ অসমক ছিন্নভিন্ন কৰিবলৈ বৰাকখন প্ৰদীপ দত্ত ৰয়ৰ পৈত্তিক সম্পত্তি নহয় ৷
যি প্ৰদীপ দত্ত ৰয়ৰ দৰে বঙালী সকলৰ পূৰ্বপুৰুষৰ বৰাক উপত্যাকাৰ বাবে সামান্যতমো অৰিহণা নাই; আজি তেওঁলোকে শত্ৰু ৰাষ্ট্ৰ ভাৰতৰ তথা-কথিত গণতন্ত্ৰৰ দোহাই দি পৃথক ৰাজ্যৰ সপোন দেখে৷ ইয়াৰ বিপৰীতে উক্ত অঞ্চল বিদেশীৰ হাতলৈ যোৱাৰ পৰা ৰক্ষা কৰিবলৈ সমগ্ৰ ৱেছিয়া অঞ্চলৰ থলগিৰিয়ে জীৱন উচ্ছৰ্গা কৰিছে ৷
দ্ৰষ্টব্য যে, অসমক দ্বিখণ্ডত কৰিবলৈ ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ কোনো অধিকাৰ নাই, কেৱল ভাৰতেই নহয় ঔপনিৱেশিক ছত্ৰছায়াঁত লালিত-পালিত কোনো ৰাজনৈতিক নেতা অথবা তথা-কথিত বুদ্ধিজীৱীৰো সেই অধিকাৰ নাই৷ সেয়েহে প্ৰদীপ দত্ত ৰয়ৰ উক্ত প্ৰস্তাৱক ৱেছিয়া অঞ্চলৰ প্ৰতিটো স্বাধীনতাকামী বিপ্লৱী সংগঠনৰ হৈ আমি “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু যিকোনো পৰ্য্যায়ত পৃথক বৰাক ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চল বাস্তৱায়িত হ’বলৈ দিয়া নহ’ব ৷
উল্লিখিত বিষয়ৰ সৈতে সংগতি ৰাখি “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ ফালৰ পৰা বৰাক উপত্যাকাৰ বা ৱেছিয়াৰ অন্য প্ৰান্তৰ পৰা আহি ব্ৰহ্মপুত্ৰ উপত্যাকাৰ লগতে সমগ্ৰ অসমত বসবাস কৰা বঙালীভাষী সকলে প্ৰদীপ দত্ত ৰয়ৰ প্ৰস্তাৱক কিদৰে বিচাৰ কৰে [সমৰ্থন নে বিৰোধ] সেয়া ৰাজহুৱাকৈ জনাবলৈ ষাঠি দিনৰ সময় সীমা ধাৰ্য্য কৰি দিয়া হ’ল৷ উক্ত সময়ৰ ভিতৰত অসমত বসবাস কৰা বঙালীভাষী সকলক নিজ নিজ মতামত প্ৰকাশ কৰিবলৈ আহ্বান জনোৱা হ’ল ৷
অন্যথা ভৱিষ্যতে যিকোনো আনাকাংক্ষিত পৰিস্থিতি উদ্ভৱ হ’লে তাৰ বাবে সমগ্ৰ অসমত বসবাস কৰা বঙালীভাষী সকলেই দায়ী হ’ব লাগিব ৷”
এই ক্ষেত্ৰত অসমত বসবাস কৰা বঙালীভাষীৰ স্থিতি কি হ’ব সেয়া নিশ্চয়কৈ লক্ষণীয় হ’ব ।