উজনিৰ দুখন জিলাত বাহৰ আলফা স্বাধীনৰ; কূটাঘাতৰ পৰিকল্পনা

নিউজ ডেস্ক, ৫ নৱেম্বৰ: নিষিদ্ধ ঘোষিত সংগঠনত আলফা স্বাধীনত শেহতীয়াকৈ চলি থকা ধাৰাবাহিক সদস্য ভৰ্তিৰ মাজতে আত্মসমৰ্পণৰ প্ৰক্ৰিয়াও অব্যাহত আছে । অতি সম্প্ৰতি সংগঠনটোৰ প্ৰায় ১০ গৰাকী কেডাৰে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে । ইফালে শনিবাৰৰ দিনটোতে চাৰিগৰাকী আলফা স্বাধীনৰ কেডাৰ আত্মসমৰ্পণ কৰে ।

কিন্তু ইয়াৰ মাজতে পোহৰলৈ আহিছে যে উজনি অসমত বৃহৎ কূটাঘাতৰ পৰিকল্পনা কৰিছে আলফা স্বাধীনে । জানিব পৰা মতে আলফা স্বাধীনৰ দুটা দলে পৃথক পৃথক দায়িত্ব লৈ উজনি অসমৰ কেইবাখনো জিলাত বাহৰ পাতি আছে । সূত্ৰ অনুসৰি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত কূটাঘাত সংঘটিত কৰাৰ চেষ্টা চলাইছে আলফা স্বাধীনে ।

উল্লেখ্য যে শনিবাৰে তিনিচুকীয়া জিলাত আত্মসমৰ্পণ কৰে পলাশ মৰাণ ওৰফে গোপাল অসম আৰু মণ্টু মৰাণ ওৰফে লেটেচ অসমে । আনহাতে শিৱসাগৰত দুগৰাকী আলফা স্বাধীনৰ কেডাৰ ৰিয়াজ অসম ওৰফে আছিক আলী আৰু মাধৱ চেতিয়া ওৰফে সূৰজ অসমে আত্মসমৰ্পণ কৰে ।

জানিব পৰা মতে তিনিচুকীয়া জিলাৰ দায়িত্বত থকা ৯ জনীয়া আলফা স্বাধীনৰ দলটোৰ পৰা ফালৰি কাটি আত্মসমৰ্পণ কৰে পলাশ মৰাণ ওৰফে গোপাল অসম আৰু মণ্টু মৰাণ ওৰফে লেটেচ অসমে আৰু শিৱসাগৰ জিলাৰ দায়িত্বত থকা দলটোৰ পৰা পলায়ন কৰি আত্মসমৰ্পণ কৰে ৰিয়াজ অসম ওৰফে আছিক আলী আৰু মাধৱ চেতিয়া ওৰফে সূৰজ অসমে ।

শিৱসাগৰত আত্মসমৰ্পণ কৰা এই কেডাৰ দুগৰাকীয়ে অৰ্পণ কৰা দায়িত্ব পালন নকৰি আত্মসমৰ্পণ কৰা বুলি এক নিৰ্ভৰযোগ্যসূত্ৰই প্ৰকাশ কৰিছে । ইফালে, তিনিচুকীয়া জিলাৰ দায়িত্বত থকা ৯জনীয়া দলটোৰ দুগৰাকী কেডাৰে আত্মসমৰ্পণ কৰাৰ পাছতে দলটো পুনৰ শিবিৰলৈ উভতি গৈছে ।

উল্লেখ্য যে উজনি অসমত এনেদৰে আলফা স্বাধীনে বাহৰ পৰা খবৰে এতিয়া উদ্বেগ বৃদ্ধি কৰিছে । যিকোনো সময়তে সংঘটিত হ’ব পাৰে কোনো অনাকাংক্ষিত ঘটনা । ইয়াৰ সমান্তৰালভাৱে আলফাৰ কূটাঘাত ৰোধ কৰাৰ বাবে সক্ৰিয় হৈ পৰিছে আৰক্ষী-প্ৰশাসন ।

Share to your Social Account