অইল ইণ্ডিয়া-বটলিফ্ ফেক্টৰীক কঠোৰ সকীয়নি আলফা স্বাধীনৰ
![](https://updatenowne.in/wp-content/uploads/2024/06/111-1024x576.jpg)
তিনিচুকীয়া, ৮ জুন: অইল ইণ্ডিয়া লিমিটেডক সকীয়নি আলফা স্বাধীনৰ । শেহতীয়াকৈ অইল ইণ্ডিয়া লিমিটেডৰ কাৰ্যালয়ৰ দুলীয়াজানৰ পৰা স্থানান্তৰ কৰাৰ বিৰোধিতা কৰি সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণ বিদ্ৰোহী সংগঠনৰ । এক বিবৃতিযোগে সংগঠনটোৱে কয়, “অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড বুলিলে পোনছাটেই আমি অসমৰ তৈলক্ষেত্ৰ, কয়লা আৰু চাহ উদ্যোগক কেন্দ্ৰ কৰি গঢ় লৈ উঠা প্ৰতিষ্ঠান সমূহৰ নাম লব লাগিব ৷
কিন্তু দুৰ্ভাগ্যজনকভাৱে এই প্ৰতিষ্ঠানসমূহে শতিকাজুৰি অসমৰ থলগিৰি জনগণক প্ৰতিটো ক্ষেত্ৰতেই প্ৰতাৰিত আৰু বঞ্চিত কৰি আহিছে৷ অতি সম্প্ৰতি অসমৰ তৈলক্ষেত্ৰত অবৈধ দখলদাৰিত্ব বাহাল ৰখা “অইল ইণ্ডিয়া লিমিটেড [Oil India Limited/OIL] আৰু ভাৰতীয় তৈল নিগম লিমিটেড [Oil India Corporation Limited/IOCL]”য়ে বিভিন্ন অজুহাত দেখুওৱাই অইল ইণ্ডিয়া লিমিটেডে দুলিয়াজানস্থিত মুখ্যকাৰ্য্যালয়ক নাম মাফিক কাৰ্য্যালায়লৈ পৰিবৰ্তন কৰি কাৰ্য্যালয়টোৰ পৰা অধিকাংশ বিভাগ অন্য ঠাইলৈ স্থান্তৰণ কৰিব বিচাৰি আৰু ডিগবৈস্থিত ভাৰতীয় তৈল নিগম লিমিটেডে শোধনাগাৰত থলগিৰিৰ যোগ্য আৰু দক্ষ অভিযন্ত্ৰা, বিষয়া আৰু কৰ্মচাৰীৰ বিপৰীতে বৈষম্যমূলক নীতি গ্ৰহণেৰে বহিৰাগত ব্যক্তিক উক্ত পদসমূহত নিযুক্তি প্ৰদান কৰি পুনৰ এবাৰ থলগিৰিৰ যোগ্য প্ৰত্যাশীক বঞ্চিত কৰিছে ৷
এই ভূখণ্ডৰ সম্পদৰ অবৈধ শোষণ আৰু থলগিৰি জনগণক কৰা এনে বৈষম্যমূলক প্ৰতাৰণা আৰু বঞ্চনা থলগিৰি জাতি-জনগোষ্ঠীৰ বাবে কোনো কাৰণতেই গ্ৰহণযোগ্য হ’ব নোৱাৰে৷ অইল ইন্ডিয়া লিঃ আৰু ভাৰতীয় তৈল নিগম লিঃৰ এনে বৈষম্য অব্যাহত থাকিলে অনাগত দিনত উক্ত প্ৰতিষ্ঠান সমূহৰ বিৰুদ্ধে আমাক কঠোৰ হ’বলৈ বাধ্য কৰিব৷ সেয়ে আমি “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে অইল ইণ্ডিয়া লিমিটেড আৰু ভাৰতীয় তৈল নিগম লিমিটেডক নিম্নোল্লিখিত চৰ্ত পূৰণৰ আহ্বান জনালোঁ ৷
১/ অইল ইণ্ডিয়া লিমিটেডৰ সকলো বিভাগ স্থান্তৰণ প্ৰক্ৰিয়া বন্ধ কৰি সকলোখিনি দুলিয়াজানতে বাহাল ৰখা৷
২/ অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ বিষয়া পদসমূহত থলগিৰিৰ যোগ্যজনক নিযুক্তি প্ৰদান কৰা৷
৩/ তৈলকূপ খনন আৰু অন্বেষণৰ বাবে স্থানীয় অভিজ্ঞ আৰু দক্ষ প্ৰতিষ্ঠান সমূহক প্ৰথম সুবিধা প্ৰদান কৰা৷
৪/ ভাৰতীয় তৈল নিগম লিমিটেডৰ ডিগবৈ শোধনাগাৰত নিযুক্তি লাভ কৰা বহিৰাগত প্ৰাৰ্থীৰ ঠাইত যোগ্য থলগিৰি প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা ৷
ইফালে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাৰ বিৰুদ্ধেও সৰৱ হ’ল আলফা স্বাধীন । আলফা স্বাধীনে কয় যে-আনহাতে, বিগত দুশবছৰ ধৰি অসমৰ চাহে বিশ্বৰ বিভিন্ন দেশত খ্যাতি বুটলিবলৈ সক্ষম হৈছে যদিও বৃট্ৰিছ শাসনৰ দিনৰ পৰা অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকল অদ্যপি এইক্ষেত্ৰত বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত হৈ অহাই নহয় কেঁচাপাতৰ উচিত মূল্যও লাভ কৰিবলৈ সক্ষম হোৱা নাই, ফলত অসমৰ চাহ উদ্যোগটোলৈ সংকট নামি আহিছে৷ ই ক্ষুদ্ৰ চাহ খেতিয়ক সকলক অনিশ্চিত ভৱিষ্যতৰ দিশলৈ পৰ্যৱসিত কৰিছে ৷
শেহতীয়াকৈ থলগিৰি ক্ষুদ্ৰ চাহ খেতিয়ক সকলে উৎপাদন কৰা কেঁচাপাত বটলিফ্ ফেক্টৰীসমূহে বিভিন্ন অজুহাত আৰ্জি দি খেতিয়ক সকলৰ পৰা কেঁচাপাত ক্ৰয় নকৰাৰ সিদ্ধান্তত খেতিয়ক সকলৰ মূৰত আকাশ ভাগি পৰা দৰে অৱস্থাৰ সৃষ্টি হৈছে৷ আনহাতে বৃহৎ বৃহৎ প্ৰতিষ্ঠান আৰু বটলিফ্ ফেক্টৰীসমূহত নিযুক্তি হৈ থকা বহিৰাগত মুৰব্বী, বিষয়াই থলগিৰি খেতিয়ক আৰু প্ৰতিষ্ঠান সমূহত নিয়োজিত হৈ থকা কৰ্মচাৰী সকলক শাৰীৰিক আৰু মানসিক উৎপীড়ন চলোৱাৰ অভিযোগ অতি পুৰণি৷ অসমৰ থলগিৰি ক্ষুদ্ৰ চাহ খেতিয়ক তথা বিভিন্ন প্ৰতিষ্ঠানত নিয়োজিত হৈ থকা থলগিৰি কৰ্মচাৰীৰ ওপৰত চলোৱা এনে প্ৰতাৰণা আৰু উৎপীড়ন কোনো কাৰণতেই সহ্য কৰা নহ’ব৷
সেয়েহে, “সংযুক্ত মুক্তি বাহিনী, অসম স্বাধীন” সংগঠনে অসমৰ প্ৰতিখন সৰু-বৰ চাহ বাগিছা আৰু বটলিফ্ ফেক্টৰীসমূহৰ স্বত্ত্বাধীকাৰি সকলক তলত উল্লিখিত চৰ্তসমূহ অনতিপলমে পূৰণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হ’ল৷
১/ অসমৰ প্ৰতিখন সৰু-বৰ চাহ বাগিছা আৰু বটলিফ্ ফেক্টৰীত প্ৰয়োজনীয় মুখ্য প্ৰবন্ধক [General Manager], মুখ্য পৰিচালকৰ পৰা সাধাৰণ কৰ্মচাৰীজনলৈ ১০০% থলুৱা যোগ্য ব্যক্তিক নিযুক্তি প্ৰদান কৰক৷
২/ তাৎক্ষণিকভাৱে ক্ষুদ্ৰ চাহ খেতিয়ক কেঁচাপাত ক্ৰয় নকৰাৰ সিদ্ধান্ত সম্পূৰ্ণৰূপে বাতিল কৰি কেঁচাপাতৰ উচিত মূল্য প্ৰদানেৰে অন্যান্য সা-সুবিধা সমূহ প্ৰদান কৰা৷
৩/ বটলিফ্ ফেক্টৰীসমূহে কেৱল নিজৰ লাভা-লাভৰ বাবে অসমৰ থলগিৰি খেতিয়কৰ বিপৰীতে বাহিৰাগত ব্যৱসায়ী বাগিছাৰ পৰা কেঁচাপাত লোৱাটো বন্ধ কৰক৷
সমান্তৰালকৈ অসমৰ থলগিৰি জনগণৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকললৈও আমাৰ অনুৰোধ এইয়ে যে অধিক উংপাদন আৰু লাভৰ বাবে জনস্বাস্থ্যৰ ক্ষতিকাৰকৰূপী নিষিদ্ধ আৰু অত্যাধিক ৰাসায়নিক দ্ৰব্য প্ৰয়োগ বন্ধ কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমৰ চাহৰ যি সুনাম সেয়া অটুট থকাত সহযোগীতা আগবঢ়োওৱাৰ আন্তৰিকতাৰে কামনা কৰিলোঁ ৷