তিনিচুকীয়াৰ জাগুনত আলফা (স্বাধীন)ৰ ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ কামাণ্ডো শিবিৰত ‘অপাৰেচন বুজনি’
তিনিচুকীয়া, ২২ মাৰ্চ ২০২৬: ৰাজ্যত পুনৰ সক্ৰিয় হৈ উঠিছে নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]। আজি পুৱতি নিশা প্ৰায় ২ বজাত তিনিচুকীয়া জিলাৰ জাগুনৰ ১০ মাইলস্থিত অসম আৰক্ষীৰ কামাণ্ডো শিবিৰত সংগঠনটোৱে এক সামৰিক অভিযান চলায়।
আলফা (স্বা)ৰ ফালৰ পৰা জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে এই আক্ৰমণক “অপাৰেচন বুজনি” বুলি অভিহিত কৰা হৈছে।আক্ৰমণৰ অন্তৰালৰ কাৰণ:সংগঠনটোৰ সদস্যসকলে ৰূপায়ন কৰা এই অভিযানৰ পাছতেই তেওঁলোকে এক দীঘলীয়া বিবৃতি প্ৰকাশ কৰিছে।
তেওঁলোকৰ মতে, ২০২১ চনৰ নিৰ্বাচনৰ পাছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা আলোচনাৰ প্ৰস্তাৱৰ প্ৰতি সন্মান জনাই আৰক্ষীৰ বিৰুদ্ধে সামৰিক কাৰ্য্যকলাপ বন্ধ ৰখা হৈছিল। কিন্তু এই সুযোগ গ্ৰহণ কৰি অসম আৰক্ষীয়ে সংগঠনটোৰ কেইবাজনো নেতাক হত্যা আৰু নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে আলফা (স্বা)ই।
বিবৃতিটোত উল্লেখ কৰা কেইটামান গুৰুত্বপূৰ্ণ অভিযোগ:
ভুৱা সংঘৰ্ষৰ অভিযোগ: লেঃ কৰ্ণেল জিষ্ণু অসম, ২য় লেফটেন্যান্ট জ্ঞান অসম আৰু উদয় অসমক আৰক্ষীয়ে শীতল মস্তিষ্কৰে হত্যা কৰাৰ অভিযোগ।
নিৰীহৰ ওপৰত অত্যাচাৰ: শিৱসাগৰৰ সূৰুজ গগৈক হত্যা কৰাৰ লগতে দ্বীপজ্যোতি নেওগ, বিশ্বনাথ বৰগোহাঁই আদিকে ধৰি কেইবাজনো যুৱকক গুলীয়াই পঙ্গু কৰি দিয়াৰ অভিযোগ।
ড্ৰ’ণ আৰু মিছাইল আক্ৰমণ: যোৱা ১৩ জুলাই ২০২৫ ত যোৰহাটৰ ২১ নং পেৰা কামাণ্ডো শিবিৰৰ পৰা সন্মিলিত সশস্ত্ৰ বাহিনীয়ে আলফাৰ শিবিৰত ড্ৰ’ণ আৰু মিছাইল আক্ৰমণ চলাইছিল, যাৰ বাবে সংগঠনটোৱে মুখ্যমন্ত্ৰীকো পোনপটীয়াকৈ দায়ী কৰিছে।
“অসম আৰক্ষীৰ সৈতে আমাৰ কোনো ব্যক্তিগত শত্ৰুতা নাই, কিন্তু আমাৰ ধৈৰ্য্যক দুৰ্বলতা বুলি ভাবিলে পৰিণাম ভয়াবহ হ’ব। এই আক্ৰমণ কেৱল এক সতৰ্কবাণী বা ‘বুজনি’ হে আছিল।” — আলফা স্বাধীনে বিবৃতিত কয় ।
ভৱিষ্যতৰ হুংকাৰ: সংগঠনটোৱে স্পষ্ট কৰি দিছে যে যদিহে অসম আৰক্ষীয়ে আলফাৰ সদস্য আৰু শুভাকাংক্ষীসকলৰ বিৰুদ্ধে হত্যা, নিৰ্যাতন আৰু গ্ৰেপ্তাৰৰ দৰে কাৰ্য্যকলাপ বন্ধ নকৰে, তেন্তে অনাগত দিনত পৰিস্থিতি অধিক জটিল আৰু ভয়াৱহ হৈ পৰিব।বৰ্তমান জাগুনৰ উক্ত অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে ।
এই আক্ৰমণত আহত কামাণ্ডো জোৱান কেইজনক হ’ল যোৰহাটৰ চিত্ৰৰঞ্জন মিলি,দেৱাশীস বৰা, চাবুৱাৰ ৰবি গড় আৰু গোৱালপাৰাৰ জমবুচ মাৰাক । ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা জোৱান কেইজনৰ অৱস্থা বৰ্তমান বিপদমুক্ত বুলি জানিব পৰা গৈছে।