আলোচনাপন্থী আলফাৰে ভাৰত চৰকাৰৰ চুক্তি হ’বগৈ নে?

উল্লেখ্য যে আলফাই এনআৰচি (NRC), ভূমিৰ অধিকাৰ, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ, অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা আদি বিষয়ত দাবী উত্থাপন কৰিছিল ৷

Share to your Social Account

নিউজ ডেস্ক, 20 জুন: কি পৰ্যায়ত আছে ভাৰত চৰকাৰ আৰু আলোচনাপন্থী আলফা গোটৰ সৈতে আলোচনা প্ৰক্ৰিয়া ? কেতিয়া ভাৰত চৰকাৰৰ সৈতে সম্পন্ন হ’ব আলোচনাপন্থী আলফা গোটৰ চুক্তি ? ভূটানত সন্ধানহীন হোৱা 26 জন আলফা সদস্য সন্দৰ্ভত কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে চৰকাৰে ? সম্প্ৰতি এনে বহু প্ৰশ্নই উত্থাপন হৈছে ৷

উল্লেখ্য যে বিগত এপ্ৰিল মাহত আলোচনাপন্থী আলফা গোটক স্বাক্ষৰিত হ’ব লগা শান্তি আলোচনা চুক্তিৰ এখন খচৰা প্ৰদান কৰিছিল ভাৰত চৰকাৰে ৷ চৰকাৰৰ তৰফৰ কোৱা হৈছিল যে যদিহে খচৰাৰ সৈতে আলফাই সন্মতি প্ৰকাশ কৰে তেন্তে শীঘ্ৰেই হ’ব চুক্তি ৷ কিন্তু চৰকাৰে প্ৰদান কৰা খচৰাত আলোচনাপন্থী আলফাই সম্পূৰ্ণ সহমত প্ৰকাশ নকৰাৰ পৰিপ্ৰক্ষিটত বৰ্তমান বিষটো আকৌ যতি পৰিল ৷ যাৰ বাবে পুনৰ অনিশ্চয়তাত সোমাই পৰিল সমগ্ৰ বিষয়টো ৷

বিগত 11 মে’ তাৰিখে এক সংবাদমেল সম্বোধন কৰি আলফা নেতা অনুপ চেতিয়াই এক সংবাদমেল সম্বোধন কৰি খচৰাত উল্লেখ থকা কথাবোৰত আলফা সম্পূৰ্ণ সন্তুষ্ট নহয় বুলি উল্লেখ কৰে ৷ এই খচৰাত খিলঞ্জীয়াৰ অধিকাৰ সুনিশ্চিত হোৱা নাই বুলিও তেওঁ মন্তব্য কৰে ৷ যাৰ বাবে পুনৰ চৰকাৰৰ সৈতে আলোচনা কৰাৰ পোষকতা কৰে আলফাৰ নেতাগৰাকীয়ে ৷

উল্লেখ্য যে আলফাই এনআৰচি (NRC), ভূমিৰ অধিকাৰ, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ, অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা আদি বিষয়ত দাবী উত্থাপন কৰিছিল ৷ কিন্তু ইয়াৰে কিছু দাবী চৰকাৰে মানি লোৱা নাই বুলি জানিব পৰা গৈছে ৷ ভূটানত নিখোঁজ হোৱা ২৬ জন আলফাৰ সন্ধানত ব্যৱস্থা গ্ৰহণৰ বাবেও দাবী উত্থাপন কৰিছিল আলফাই ৷ কিন্তু চৰকাৰে আলফাৰ সকলো দাবী সম্পূৰ্ণৰূপে মানি নোলোৱাৰ বাবে চুক্তি স্বাক্ষৰ কৰিবলৈ অনিচ্ছুক আলোচনাপন্থী আলফা ৷

ইফালে, সংগঠনটোৰ সৈতে শান্তি আলোচনা অব্যাহত ৰাখিবলৈ ভাৰত চৰকাৰক আহ্বান জনাই অনুপ চেতিয়াই দাবী কৰে যে সকলো ৰাজনৈতিক দলে তেওঁলোকৰ আদৰ্শগত পাৰ্থক্য নিৰ্বিশেষে ৰাজ্যৰ বৃহত্তৰ স্বাৰ্থত একত্ৰিত হৈ অসমৰ খিলঞ্জীয়া লোকসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সন্মুখত তেওঁলোকৰ নিবেদন আগবঢ়াব লাগিব।

উল্লেখ্য যে ২০১১ চনৰ ফেব্ৰুৱাৰী মাহত দুটা ভাগত বিভক্ত হয় আলফা ৷ অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত এটা আলফাৰ এটা গোটে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত বহাৰ সিদ্ধান্ত গ্ৰহণ কৰে আনহাতে কমাণ্ডাৰ-ইন-চীফ পৰেশ বৰুৱাৰ নেতৃত্বত থকা গোটটোৱে আলফা স্বাধীন হিচাপে আত্মপ্ৰকাশ কৰে ৷

পৰৱৰ্তী পৰ্যায়ত আলফাৰ আলোচনাপন্থী গোটে সাংবিধানিক আৰু ৰাজনৈতিক সংস্কাৰ বিচৰি কেন্দ্ৰীয় চৰাকাৰৰ ওচৰত এলানি দাবী উত্থাপন কৰে ৷ এই দাবীৰ জৰিয়তে আলোচনাপন্থী আলফাই ভূমিৰ অধিকাৰকে ধৰি অসমৰ খিলঞ্জীয়া লোকসকলৰ পৰিচয় আৰু সম্পদৰ সুৰক্ষা বিচাৰে ৷ সম্প্ৰতি এই দাবীসমূহ বিগত প্ৰায় এটা দশকে বিবেচাধীন হৈ আছে ৷

শেহতীয়াকৈ চুক্তি স্বাক্ষৰ হোৱাৰ কথা চৰ্চালৈ আহিছিল যদিও সেয়াও গেথেলা মাৰিলে ৷ যাৰ বাবে এই চুক্তি আৰু বিলম্ব হোৱাৰ সম্ভাৱনা দেখা গৈছে ৷ আনহাতে শেহতীয়াকৈ এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই আলোচনাপন্থী আলফা গোটে ৷

Share to your Social Account