
ইণ্টাৰনেশ্যনেল ডেস্ক, ৯ জুনঃ ম্যানমাৰস্থিত উত্তৰ-পূব অঞ্চলৰ বিচ্ছিন্নতাবাদী শিবিৰৰ এটা গোটৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ খবৰ অনুসৰি ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্টৰ (ইউএনএলএফ) জ্যেষ্ঠ নেতা খুনডংবাম পাম্বেইক ম্যানমাৰ জুন্টাই (ম্যানমাৰ সেনা) আটক কৰিছে ৷
২০১০ চনত ছানা য়াইমাক গ্ৰেপ্তাৰ কৰাৰ পিছত সেনাধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰা পাম্বেই (Pambei) যোৱা পাঁচ মাহ ধৰি ম্যানমাৰৰ চাগাইং অঞ্চলৰ ইউএনএলএফ (UNLF) শিবিৰৰ পৰা সন্ধানহীন হৈ আছে ৷তথ্য অনুসৰি UNLF দুবছৰৰ পূৰ্বে দুটা গোটত বিভক্ত হৈছিল ৷
জানিব পৰা মতে পাম্বেইক জ্যেষ্ঠ কৰ্মকৰ্তাসকলৰ এটা দলে সংগঠনৰ পৰা বহিষ্কাৰ কৰিছিল৷ দুয়োটা দলে তেতিয়াৰ পৰা ম্যানমাৰত পৃথক শিবিৰ নিৰ্মাণ কৰি সাংগঠিক কাম-কাজ অব্যাহত ৰাখিছিল ৷
সম্প্ৰতি ম্যানমাৰৰ সামৰিক বাহিনীৰ দ্বাৰা পাম্বেইক আটক কৰাৰ বাতৰি পোহৰলৈ আহিছে ৷ কুইণ্টৰ(Quint)ৰ সাংবাদিক ৰাজীৱ ভট্টাচাৰ্যৰ এক প্ৰতিবেদন অনুসৰি, থাইলেণ্ডলৈ যোৱাৰ পথত ম্যানমাৰ সেনাই পাম্বেইক আটক কৰে ৷
প্ৰতিবেদনখনত কোৱা হৈছে যে ম্যানমাৰৰ সামৰিক বাহিনীয়ে তেওঁৰ গতিবিধিৰ বিষয়ে পূৰ্বৰে পৰা অৱগত আছিল আৰু তেওঁক কৰায়ত্ত কৰাৰ বাবে ৰণনীতি প্ৰস্তুত কৰিছিল ৷ চাগাইং অঞ্চলৰ পৰা ওলাই অহাৰ সময়ত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল ৷
২০২১ চনৰ ২৮ ফেব্ৰুৱাৰীত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিয়ে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত পাম্বেইক ইউএনএলএফৰ পৰা বহিষ্কাৰ কৰাৰ কথা ঘোষণা কৰা হৈছিল । সংগঠনটোৱে পাম্বেইক “দল বিৰোধী কাৰ্যকলাপ”ত জড়িত থকা আৰু ভাৰত চৰকাৰৰ এজন “প্ৰকৃত এজেণ্ট” বুলি অভিযোগ কৰিছিল ।
তেওঁৰ বিৰুদ্ধে ব্যক্তিগত লাভৰ বাবে দলৰ সংবিধান উলংঘা কৰা, তেওঁৰ পৰিয়ালৰ বাবে সম্পদ সংগ্ৰহ কৰা আৰু মন্ত্ৰীসকললৈ পত্ৰ লিখি চৰকাৰী চুক্তি বিচাৰি সংগঠনৰ লেটাৰহেড ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ নাকচ কৰাৰ ক্ষেত্ৰতো তেওঁ বিফল হৈছিল বুলি বিবৃতিত উল্লেখ আছিল ৷
ইয়াৰ প্ৰত্যুত্তৰত, পাম্বেই আৰু তেওঁৰ সমৰ্থকসকলে এই অভিযোগ কঠোৰভাৱে অস্বীকাৰ কৰে আৰু তাৰ পৰিৱৰ্তে প্ৰতিদ্বন্দী দলটোৰ বিৰুদ্ধে প্ৰতি-অভিযোগ উত্থাপন কৰে ।
বিগত বৰ্ষত পাম্বেইৰ গোটে আহ্বান কৰা এখন সাধাৰণ সভাই এখন নতুন কেন্দ্ৰীয় সমিতি নিৰ্বাচিত কৰিছিল আৰু সংগঠনটোৰ অধ্যক্ষ হিচাবে পাম্বেই দায়িত্ব লৈছিল ৷
পাম্বেইৰ নিৰুদ্দেশ হোৱা আৰু ম্যানমাৰ জুন্টাৰ দ্বাৰা আটক কৰি ৰখাৰ তথ্য বৰ্তমানেও অনিশ্চিত ৷ আনুষ্ঠানিক নিশ্চিতি বা অধিক তথ্য উদ্ভৱ নোহোৱালৈকে, খুনডংবাম পাম্বেইৰ ভাগ্য আৰু অৱস্থান তেওঁৰ শিবিৰটোৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে ৷