ভয়ংকৰ! শূন্য দূৰত্বৰ পৰা এগৰাকী মহিলাৰ মূৰত গুলীচালনা আৰক্ষী বিষয়াৰ; চাওক ভিডিঅ’

নেশ্যনেল ডেস্ক, ৯ ডিচেম্বৰঃ উত্তৰ প্ৰদেশৰ আলিগড়ত এজন আৰক্ষী বিষয়াই দুৰ্ঘটনাক্ৰমে এগৰাকী মহিলাৰ মূৰত ওচৰৰ পৰা গুলীচালনা কৰে । শুকুৰবাৰে সামাজিক মাধ্যমত এই ভয়ংকৰ দুৰ্ঘটনাটোৰ এটা চিচিটিভি ফুটেজ ভাইৰেল হৈ পৰে ।

জানিব পৰা মতে মহিলাগৰাকী আৰক্ষী খানালৈ পাছপোৰ্ট প্ৰমাণীকৰণৰ বাবে গৈছিল ।

ভিডিঅ’টোত দেখা গৈছে যে, এজন আৰক্ষী বিষয়াই পিষ্টলটো উপ-পৰিদৰ্শক মনোজ শৰ্মাক গতাই দিয়ে । ইয়াৰ পাছতেই তেওঁ পিষ্টলটো লোড কৰে আৰু হঠাতে, এটা গুলীচালনা হয় আৰু মহিলাগৰাকীৰ মূৰত আঘাত কৰে । মহিলাগৰাকীক জৰুৰী চিকিৎসাৰ বাবে জৱাহৰলাল নেহৰু চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় ।

জ্যেষ্ঠ আৰক্ষী অধীক্ষক (এছ.এছ.পি.) আৰু অন্যান্য আৰক্ষী বিষয়াকে ধৰি আইন প্ৰৱৰ্তনকাৰী বিষয়াসকলে ভুক্তভোগীৰ অৱস্থাৰ বিষয়ে সোধা-পোছা কৰিবলৈ আৰু চলিত চিকিৎসাৰ তত্বাৱধান কৰিবলৈ চিকিৎসা কেন্দ্ৰত উপস্থিত হয় ।

খবৰ অনুসৰি দুৰ্ঘটনাজনিত গুলীচালনাৰ পিছত উপ-পৰিদৰ্শক মনোজ শৰ্মা ঘটনাস্থলীৰ পৰা পলায়ন কৰে। “আমি অভিযুক্ত পৰিদৰ্শকক তাৎক্ষণিকভাৱে নিলম্বন কৰাকে ধৰি সকলো প্ৰয়োজনীয় আইনী ব্যৱস্থা সক্ৰিয়ভাৱে অনুসৰণ কৰি আছো।

দুৰ্ঘটনাজনিত গুলীচালনাৰ আঁৰৰ উদ্দেশ্য বৰ্তমান অজ্ঞাত, আৰু আমাৰ অগ্ৰাধিকাৰ হৈছে ভুক্তভোগীয়ে প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰাপ্ত কৰাটো নিশ্চিত কৰা,” আলিগড়ৰ এছএছপি কলানিধি নাইথানিয়ে কয়।

Share to your Social Account