![](https://updatenowne.in/wp-content/uploads/2023/11/34-1024x576.jpg)
সম্পাদকীয়ঃ এতিয়া চৌপাশে চাৰিওফালে শান্তি। এতিয়া যেন চৌপাশে শান্তিৰ নিজৰা কুলু কুলুকৈ বৈ আছে। এতিয়া যেন অসমত সকলো ফালেই, সৰ্বত্ৰতে যেন শান্তিৰ পৰিৱেশ। সকলোতে যেন সমৃদ্ধিময় পৰিৱেশ। তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কৈছিল- কোনে কৈছে অসমত শান্তি নাই, মানুহ সন্ধিয়া ওলাই আহিছে,বজাৰ কৰিছে, চিনেমা চাইছে। হয়। সেই পৰিৱেশেই এতিয়া অসমত। তেতিয়া তৰুণ গগৈৰ সেই মন্ত্ৰীসভাত এতিয়াৰ ডাইনেমিক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও আছিল। এসময়ৰ তৰুণ গগৈৰ চৰকাৰৰ প্ৰতাপী মন্ত্ৰী হিমন্তই ৰাজনৈতিক ছল-চাতুৰীৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হ’লহি। সেই তেতিয়াৰেপৰা যেন ৰাজ্যত শান্তিয়ে শান্তি।
আপোনাৰ চাগে মনত আছে কেব-কা আন্দোলনৰ কথা। কোনোবা অত্যুৎসাহী আন্দোলনকাৰীয়ে নতুন দিল্লীত গৈ নগ্ন হৈ কেবৰ বিৰোধিতা কৰিছিল। সেই নগ্ন হোৱা যুৱককেইজনে পৰৱৰ্তী সময়ত বিজেপিত যোগদান কৰিলে। কাহিনী যেন তাৰপৰাই আৰম্ভ। সময় আগবাঢ়িল। কোনোবাই ৰাজনৈতিক দল খুলি মন্ত্ৰী-এমএলএ হোৱাৰ আশাত দৌৰিলে, কোনোবাই উন্নয়ন প্ৰাধিকৰণৰ সভাপতিৰ দৌৰত চামিল হৈ পদৱী ল’লে।
এইখিনিলৈকে ঠিকেই আছে। কিন্তু সমস্যাবোৰ সমস্যা হৈয়ে নৰ’লনে?
হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী হোৱাৰ পিচৰেপৰা কিছুমান দৃশ্যপট সলনি হ’ল। স্বাধীন অসম বিচৰা পৰেশ বৰুৱাই হিমন্তক ভাইটি পাতি ল’লে। কৃষক মুক্তি সংগ্ৰাম সমিতি, আছুৰ নদীবান্ধবিৰোধী আন্দোলন শাম কাটিল। দুদিনমান আগত সোৱনশিৰি শুকাই গ’ল। কোনোৱে মাত নামাতিলে। প্ৰিয় দৰ্শক, মন কৰিব অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অসমত জাতীয়তাবাদ প্ৰতিষ্ঠা, ইনাৰ লাইন পাৰ্মিট, দ্বৈত নাগৰিকত্বৰ নামত কিবা শক্তিশালী আন্দোলন বিগত সময়ত প্ৰত্যক্ষ কৰিছেনে? আছুৰ নেতৃত্বই মাধ্যম, মূল্যবৃদ্ধিক লৈ ৰাজপথ কঁপোৱা দেখিলেনে। অনশন, ধৰ্মঘটৰ দৰে পালমৰা দুটামান কাৰ্যসূচী লৈয়েই তেওঁলোকে সংগ্ৰাম সামৰি থ’লে।
এতিয়া এইদৰেই চলিছে অসমত শান্তিৰ পৰিৱেশ। ক’তো কোনোধৰণৰ প্ৰতিবাদ নাই, আন্দোলন নাই। জনমানসত চলিছে এষাৰেই আপ্তবাক্য- হিমন্তই আন্দোলন ঠাণ্ডা কৰি দিলে।
জনগোষ্ঠীয় আন্দোলনৰো স্বৰূপ একেই। কেউটা জনগোষ্ঠীৰ শীৰ্ষ নেতাই কেব-কা আন্দোলনৰ সময়তে বিজেপিত শৰণ লোৱাৰ পিচত এতিয়াৰ জনগোষ্ঠীয় সংগঠনৰ নেতা ব্যস্ত এশ পঁচিশ কোটিত। অসমৰ বৃহৎ জনগোষ্ঠী আহোমৰ জনগোষ্ঠীয় নেতা আজি পলাতক অৱস্থাত। আজিৰ জনগোষ্ঠীয় নেতাৰ স্বৰূপ সেয়াই।
সেইবাবেই অসমত এতিয়া চৌপাশে শান্তি আৰু সমৃদ্ধিৰ পৰিৱেশ। ক’তো কোনো প্ৰতিবাদ নাই। সকলো নীৰৱ আৰু মৌন। অসমত এতিয়া চমক সৃষ্টিৰ পৰিৱেশ। বিহুত চমক, ড্ৰাগছত চমক, নিয়োগৰ বজাৰতো চমক। শূন্য সহনশীল চৰকাৰৰ প্ৰতি খোজতে চমক, দুৰ্নীতিৰ ক্ষেত্ৰতো। কোটি কোটি টকাৰ ঋণ লৈ ৰাজ্য চলোৱা হিমন্ত বিশ্বৰ চৰকাৰক সকীয়াই দিবলৈ, ধমক দিবলৈ এতিয়া কোনো সংগঠনৰে সাহস নাই। সংগঠনৰ নেতা-পালিনেতাসকল ৰাজনীতিকৰ প্ৰলোভনৰ জেপত। এই কথা আমাৰ নহয়। অসমৰ লাখ লাখ জনতাৰ কথা।
ভুৱা এনকাউণ্টাৰ, জোনমণি ৰাভা আদি ইচ্ছ্যু, মূল্যবৃদ্ধি, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰি সকলোতে নীৰৱ দল-সংগঠন। ইয়াৰ মাজতে কোনোবা ছাত্ৰ সংগঠনৰ স্বয়ম্ভূ নেতাই ঘোষণা কৰে আমি আমাৰ মতে চলিম। হয়। তেওঁলোক তেওঁলোকৰ মতেই চলিছে বাবেই নিজৰ সংগ্ৰামী ইতিহাস পাহৰি প্ৰতিবাদ কৰিবলৈয়ো পাহৰি গৈছে।
বিক্ৰী গৈছে সকলো। এতিয়া সাধাৰণ ৰাইজেও বুজি পোৱা হ’ল পেইড নিজৰ কথা। গোডী মেডিয়াৰ চৰ্চা যিদৰে সৰৱ, সমান্তৰালভাবে হিমন্ত মেডিয়াৰো চৰ্চা অব্যাহত। বহিৰাগতৰ আগ্ৰাসন চলিছে সৰ্বত্ৰে। হাত উজান দিয়ে চৰকাৰ-প্ৰশাসনে। নীৰৱে ৰয় সকলো। আহক আমি উপভোগ কৰো এই অন্তহীন নীৰৱতা। কাৰণ এতিয়া অসমত চৌপাশে শান্তি আৰু সমৃদ্ধি।