UPSC প্ৰিলিমছলৈ যোগ্যতা অৰ্জন ১৪ সহস্ৰাধিকৰ

২০২৩ চনৰ ভাৰতীয় লোকসেৱা প্ৰাথমিক (Prelims) পৰীক্ষা ২৮ মে’ত অনুষ্ঠিত হৈছিল। ক্ৰমিক নম্বৰ, ৰোল নম্বৰ আৰু সফল প্ৰাৰ্থীৰ নাম কঢ়িয়াই অনা তালিকাখন ইউপিএছচিৰ ৱেবছাইটত এতিয়া উপলব্ধ ।

Share to your Social Account

নেশ্যনেল ডেস্ক, ১২ জুনঃ ২০২৩ চনৰ সৰ্বভাৰতীয় লোক সেৱাৰ প্ৰাথমিক পৰীক্ষাৰ বাবে ১৪,৬০০ ৰো অধিক প্ৰাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছে । সোমবাৰে এই ফলাফল ঘোষণা কৰে ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিছনে (UPSC) । ভাৰতীয় প্ৰশাসনিক সেৱা (IAS), ভাৰতীয় বৈদেশিক সেৱা (IFS) আৰু ভাৰতীয় আৰক্ষী সেৱা (IPS)ৰ দৰে সেৱাৰ বাবে বিষয়া বাছনি কৰিবলৈ UPSCয়ে প্ৰাথমিক, মুখ্য আৰু সাক্ষাৎকাৰ এই তিনিটা পৰ্যায়ত পৰীক্ষা অনুষ্ঠিত কৰে ।