নিউজ ডেস্ক, ১২ জুনঃ গুৱাহাটী মহানগৰীত পুনৰ জলবিস্ফোৰণ । খাৰঘুলিৰ পাছত এইবাৰ পানীৰ পাইপ ফুটিল জু ৰোডত । কমাৰ্চ কলেজ-ৰাজগড় সংযোগী পথত সংঘটিত হৈছে এই ঘটনা । জলবোৰ্ডৰ পানীৰ পাইপত হৈছে এই বিস্ফোৰণ । কেইবামিটাৰ ওপৰলৈকে উঠিছে পানী । নিমিষতে জলমগ্ন হৈ পৰিল সমগ্ৰ অঞ্চল । পানীৰ ঢৌৱে উটুৱাই নিলে কেইবাখনো দুচকীয়া বাহন । ঘটনাৰ আধাঘণ্টাৰ পাছতো উপস্থিত হোৱা নাই বিভাগীয় বিষয়া । পথৰ দুয়োটা দিশে তীব্ৰ যান-জঁট । এতিয়াও জানিব পৰা হোৱা নাই ক্ষয়-ক্ষতিৰ পৰিমাণ । ঘটনাক লৈ ৰাইজৰ মাজত তীব্ৰ ক্ষোভ। মাত্ৰ কিছুদিন পূৰ্বে খাৰঘুলিত পানীৰ পাইপ বিস্ফোৰণ হৈ মৃত্যু হৈছিল এগৰাকী মহিলাৰ । লগতে আহত হৈছিল কেইবাজনো লোকৰ । ক্ষতিসাধন হৈছিল লক্ষাধিক টকাৰ সম্পত্তিৰ।