কেৱল গুৰু বা স্বামীয়েই নে তেওঁলোক; নে একোগৰাকী পুঁজিপতি, বিলিয়’নাৰ?

নিউজ ডেস্ক, ৭ ডিচেম্বৰঃ ভাৰতীয় সমাজ ব্যৱস্থাত ঋষি-মুনি, গুৰুৰ গুৰুত্ব অসীম। বেদ-বেদান্ত, উপনিষদৰপৰা ঋষি-মুনিৰ বৰ্ণনা, তেওঁলোকৰ অলৌকিক শক্তিৰ মহিমাৰ কথায়েই ভক্তগণৰ মুখে মুখে। আৰ্যভট্টৰপৰা আৰম্ভ কৰি মাৰ্কণ্ডেয়, বশিষ্ট, ভৰদ্বাজ, ব্যাস, বাল্মিকীৰ আখ্যানেৰেই ভাৰতীয় ধৰ্মগ্ৰন্থসমূহ ভৰি আছে।

মন কৰিবলগীয়া যে শাস্ত্ৰত বৰ্ণিত সেইসকল ঋষি-মুনিৰ জীৱন পৰিক্ৰমা আছিল সাধাৰণ। তেওঁলোকৰ সাধাৰণ জীৱন-যাপনত তপস্যা, ফলাহাৰ আদি বিষয়বোৰেই ঠাই পাইছিল।

সময় সলনি হ’ল। কিন্তু ভাৰতীয় মনস্কতাৰ পৰা সেই ঋষি-মুনিৰ ধ্যান-ধাৰণা আঁতৰি নগ’ল। আধুনিক তথ্য-বিজ্ঞান-প্ৰযুক্তিৰ দিনতো ভাৰতীয়সকলক সেই বাবা, মুনিসকলেই পৰিচালিত কৰি আহিছে। সাধাৰণ মানুহৰ জীৱন-যাত্ৰাৰপৰা আৰম্ভ কৰি ৰাজনৈতিক নেতা, পালি নেতা, ব্যৱসায়ী, পুঁজিপতি, দল-সংগঠনৰ নেতা-কৰ্মীসকলকো আদিও ৰবিশংকৰ, আশাৰাম বাবু আদিৰ দৰে আধুনিক ভাৰতীয় সন্তই পৰিচালিত কৰি আহিছে।

কোনোবা নগ্ন বাবাৰ পৰা আৰম্ভ কৰি বাবা কালিদাস দাহাললৈকে আজিৰ আধুনিক ভাৰতীয় সন্তই ভাৰতীয় সমাজৰ মগ-মগজুক মোহা২৬ন্ন কৰি ৰাখিছে। অথচ বাবা, স্বামী, আচাৰ্য নামধাৰী এইসকলৰ কু-কীৰ্তি, যৌনাচাৰ আদিৰ কথাই প্ৰচাৰ মাধ্যম উত্তাল কৰি ৰাখিলেও তেওঁলোকক আজিৰ সমাজৰপৰা নিলগাই ৰাখিব নোৱাৰি।

পিছে আমাৰ আজিৰ এই প্ৰতিবেদনত সেই আলোচনা মুখ্য নহয়। অতীজৰ সেই ঋষি-মুনিৰ সাধাৰণ জীৱন, ফলাহাৰ, তপস্যাৰ বিপৰীতে আজিৰ বাবা, আচাৰ্যসকলৰ সম্পত্তিৰ পৰিমাণেহে আপোনালোকৰ চকু কপালত তুলিব। বাবা-স্বামী-আচাৰ্যৰ নামত তেওঁলোক আজি বিপুল সম্পত্তিৰ গৰাকী হোৱাৰ সমান্তৰালভাবে ৰাজনৈতিক পট পৰিৱৰ্তনতো তেওঁলোকৰ ভূমিকা সৰ্বাধিক।

প্ৰথমেই আহোঁ, স্বামী নিত্যানন্দৰ সম্পত্তিৰ পৰিমাণলৈ। এজন বিতৰ্কিত আধ্যাত্মিক গুৰু নিত্যানন্দৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১০ হাজাৰ কোটি। নিত্যানন্দ ধ্যানপীঠম নামৰ ধৰ্মীয় অনুষ্ঠানৰ নামত এইজনা আধ্যাত্মিক গুৰুৰ এতিয়ালৈ সম্পত্তিৰ পৰিমাণ দহ হেজাৰ কোটিৰ উপৰি ইকুৱেডৰত কৈলাসৰ নামত এটা দ্বীপৰ গৰাকী। আনুষ্ঠানিক স্বীকৃতি নাথাকিলেও এটা দ্বীপৰ অধিকাৰী হোৱাতো মুখৰ কথা নহয়।

এইবাৰ আহোঁ আশাৰাম বাবুৰ কথালৈ। এগৰাকী বিতৰ্কিত ধৰ্মীয় গুৰু আশাৰাম বাবুৰ প্ৰকৃত নাম আচুৰাম শিউমালানী। উল্লেখযোগ্য যে আশাৰাম বাবুৰ ভক্ত বিশ্বৰ প্ৰান্তে প্ৰান্তে সিঁচৰতি হৈ আছে। এগৰাকী কিশোৰীক বলাৎকাৰৰ অভিযোগত কাৰাবাস খাটিবলগীয়া হোৱা আশাৰাম বাবুৰ সম্পত্তিৰ পৰিমাণ ৰৰ, ২০০ কোটি। মন কৰিবলগীয়া বলাৎকাৰৰ অভিযোগেৰে  দণ্ডিত এইগৰাকী ভণ্ড স্বামী ১৭০০ঙ্ম বাল সংস্কাৰ কেন্দ্ৰৰ অধিকাৰী আৰু  প্ৰবাসত ৩৫০ খন আশ্ৰম আছে।

এই তালিকাত আমাৰ সকলোৰে পৰিচিত বাবা ৰামদেৱৰ নামো আমি ল’ব লাগিব। হাৰিয়ানাত জন্ম লাভ কৰা বাবা ৰামদেৱৰ প্ৰকৃত নাম ৰামকৃষ্ণ যাদৱ। পতঞ্জলি যোগপীঠ আৰু পতঞ্জলি আয়ুৰ্বেদৰ নামত ব্যৱসায়িক সাম্ৰাজ্য বাহাল ৰখা এইগৰাকী বাবাৰ বছৰি উপাৰ্জন ৩০,০০০ কোটি। মন কৰিবলগীয়া এইগৰাকী যোগ গুৰুৰ বিৰুদ্ধেও মাজে সময়ে নানা অভিযোগ উঠি আহিছে।

ভাৰতীয় সমাজত আন এগৰাকী চিৰপৰিচিত আধ্যাত্মিক গুৰু হ’ল শ্ৰীশ্ৰী ৰবিশংকৰ। জন্মসূত্ৰে তামিলনাডুৰ এইগৰাকী গুৰুৰ প্ৰকৃত নাম ৰবি শংকৰ ৰত্নম। দ্য আৰ্ট লিভিঙ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাতা এইগৰাকী আধ্যাত্মিক গুৰুৰ সম্পত্তিৰ পৰিমাণ এহেজাৰ কোটি। বিশ্বৰ ১৫০ খন দেশত ৩০০ মিলিয়ন ভক্ত থকা এইগৰাকী গুৰুৰ আশ্ৰমৰ লগতে স্বাস্থ্যসেৱা, ফামাৰ্চীৰ ব্যৱসায়ো আছে।

ইয়াৰ পিচতে মাতা অমৃতানন্দময়ীৰ প্ৰসংগলৈ আহোঁ। আম্মা নামেৰে ভক্তসমাজৰ সমাজৰ পৰিচিত এইগৰাকী আধ্যাত্মিক গুৰুৰ জন্ম কেৰেলাত। প্ৰকৃত নাম সুধামণি ইডামেনেল। এওঁৰ সম্পত্তিৰ পৰিমাণ ২৫০০ কোটি।

অন্য এজন বিতৰ্কিত আধ্যাত্মিক গুৰু গুৰমীট ৰাম-ৰহিম সিং ইনশ্বান। ধৰ্ষণকে ধৰি এজন সাংবাদিকক হত্যাৰ গোচৰত কাৰাবাস খাটিবলগীয়া এইগৰাকী গুৰুৰ চলচিত্ৰ, সংগীত, স্বাস্থ্যবৰ্ধক চাপ্লিমেণ্টৰ উৎপাদনকে ধৰি বিভিন্ন ক্ষেত্ৰত বিনিয়োগকাৰী।

ডেৰা চাচা চৌডা, চমুকৈ ডিএছএছৰ প্ৰতিষ্ঠাতা এইগৰাকী আধ্যাত্মিক গুৰুয়ে ডিএছএছৰ দ্বাৰা ব্যাপক হিংসাত্মক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগৰ লগতে ৰাম চন্দেৰ চত্ৰপতি নামৰ এগৰাকী সাংবাদিকক হত্যাৰ অভিযোগেৰে দণ্ডিত হৈছিল। বিতৰ্কিত অপৰাধী এইগৰাকী গুৰুৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৪৫০ কোটি।

ঈশা ফাউণ্ডেচনৰ নামত যোগ শিক্ষাৰ কেন্দ্ৰ থকা আন এগৰাকী গুৰু হৈছে সদগুৰু জগ্ৰি বাসুদেৱ। আমেৰিকা, ব্ৰিটেইন, লেবানন, ছিংগাপুৰ, কানাডা, মালয়েছিয়া, উগাণ্ডা, চীন, নেপাল আৰু অেষ্ট্ৰলিয়াতো যোগ শিক্ষাৰ শাখা কেন্দ্ৰ থকা এইগৰাকী গুৰুৰ উপাৰ্জন বা সম্পত্তিৰ পৰিমাণ ১১০০ কোটি।

দেশৰ লগতে বিদেশতো নাম আৰু প্ৰভাৱ থকা আন এগৰাকী গুৰু হৈছে অদ্ভ²ত বাবা শিৱানন্দজী মহাৰাজ। শিৱযোগ ফাউণ্ডেচনৰ নামত সমাজৰ অনগ্ৰসৰ শিশুৰ বাবে স্কুল ইউনিফৰ্ম আৰু শিক্ষাসঁজুলি যোগান ধৰা এইগৰাকী গুৰুৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৪০ কোটি।

মন কৰিবলগীয়া এইজন গুৰুৱে যে মাত্ৰ তিনিজনী গাইৰে শিৱযোগ আলৱাৰ গৌশালা নামেৰে এটা বেচৰকাৰী সংস্থা গঠন কৰিছিল য’ত এতিয়া ৮০০ গাইক খাদ্য আৰু পানীযোগানৰ ব্যৱস্থাৰে পোহপাল দি ৰাখিছে।

আমাৰ আলোচনাৰ অন্য এজন আধ্যাত্মিক গুৰু হ’ল পল ধনীকৰণ বাবা। হিন্দু আৰু শিখ গুৰুৰদ্বাৰা প্ৰভাৱিত কিন্তু খ্ৰীষ্টান ধৰ্মৰ দ্বাৰা প্ৰভাৱান্বিত এইগৰাকী গুৰুৰ সম্পত্তিৰ পৰিমাণ হ’ল আনুমানিক ৫০০ঙ্ম কোটি।

অৱশ্যে এইগৰাকী গুৰুৱে তেওঁৰ উপাৰ্জিত ধনেৰে বিভিন্ন চেৰিটেবল সংস্থা, কইম্বাচুৰৰ কাৰুণ্য বিশ্ববিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠান পৰিচালনা কৰি আহিছে। ধনীকৰণ বাবাৰ আধ্যাত্মিক দৰ্শন খ্ৰীষ্টিয়ান দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত।

আমাৰ আলোচনাৰ শেহৰজন বাবা বা স্বামী হ’ল পতঞ্জলিৰ সহযোগী প্ৰতিষ্ঠাপক আচাৰ্য বালকৃষ্ণ। পতঞ্জলিৰ দ্ৰুত ব্যৱসায়িক সম্প্ৰসাৰণত গুৰুত্বপূৰ্ণ প্ৰভাৱ থকা এইগৰাকী গুৰুৰ সম্পত্তিৰ পৰিমাণ আনুমানিক প্ৰায় ১৯,০০০ কোটি।

এইসকল গুৰুৰ ভাৰতীয় সমাজ জীৱনত গুৰুত্ব আৰু প্ৰভাৱ অপৰিসীম। আমি উল্লেখ কৰা অনুসৰিয়েই এই গুৰু-স্বামী-আচাৰ্যসকল সেই আগৰদৰে সাধাৰণ জীৱন-যাপন, ফলাহাৰ, উপবাসত নাথাকে। বিশাল তেওঁলোকৰ সম্পত্তি, বিশাল তেওঁলোকৰ ব্যৱসায়িক সাম্ৰাজ্য।

Share to your Social Account