আজৱ! ম’ম’ আনি নিদিয়াৰ বাবেই বিবাহ বিচ্ছেদ বিচাৰিছে পত্নীয়ে

নেশ্যনেল ডেস্ক, ৫ মাৰ্চঃ বিচৰা মতে ম’ম’ খাবলৈ নাপায় বিবাহ বিচ্ছেদ বিচাৰিছে এগৰাকী মহিলাই । আগ্ৰাত সংঘটিত হৈছে এই আজৱ ঘটনা । ইতিমধ্যেই মহিলাগৰাকীয়ে স্বামীৰ ঘৰ এৰি অহাৰ উপৰিও স্বামীৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ ।

পত্নীৰ অভিযোগ অনুসৰি, তেওঁ নিয়মীয়া আহাৰৰ পৰিৱৰ্তে ম’ম’ খাবলৈ স্বামীক হেঁচা দিছিল, যিটো তেওঁৰ স্বামীৰ বাবে বিৰক্তিৰ কাৰণ হৈ পৰে। ইয়াৰ পাছতে দুয়োৰে মাজত তৰ্ক-বিতৰ্ক আৰম্ভ হয় । যাৰ ফলত পত্নীয়ে খঙত তাইৰ পিতৃ-মাতৃৰ ঘৰলৈ গুচি গৈছিল।

পৰৱৰ্তী পৰ্যায়ত এই ঘটনা বিচ্ছেদৰ পৰ্যায়লৈ বৃদ্ধি পায় । এই বিষয়চোৰ ওপৰত আগ্ৰাৰ পাৰিবাৰিক পৰামৰ্শ কেন্দ্ৰই মধ্যস্থতা কৰে ।

উল্লেখ্য যে ৬মাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল দুয়ো । মহিলাগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি তেওঁ বিয়াৰ পূৰ্বে দৈনিক ম’ম’ খাইছিল আৰু তেওঁৰ স্বামীক তেওঁৰ পছন্দৰ বিষয়ে অৱগত কৰিছিল। প্ৰথমতে, স্বামীয়ে দৈনিক ম’ম’ আনি দিছিল যদিও পিছত তেওঁ মোমো অনা বন্ধ কৰে । যাৰ ফলত সঘনাই তৰ্ক-বিতৰ্ক আৰম্ভ হয় আৰু বিষয়টো বিবাহ বিচ্ছেদ পৰ্যায়লৈ গুচি যায় ।

পাৰিবাৰিক পৰামৰ্শ কেন্দ্ৰৰ মধ্যস্থতাত স্বামী আৰু পত্নী এই সিদ্ধান্ত উপনীত হয় যে সপ্তাহত অন্তত দুদিন হ’লেও স্বামীয়ে পত্নীৰ বাবে ম’ম’ আনি দিব ।

Share to your Social Account