নিউজ ডেস্ক, ১২ জুনঃ গোৱালপাৰা জিলাৰ এগৰাকী বিজেপি কৰ্মীক হত্যা। জোনালী নাথ নামৰ মহিলা বিজেপি কৰ্মীগৰাকীক হত্যা অচিনাক্ত দুৰ্বৃত্তৰ । ভাৰতীয় জনতা পাৰ্টি, গোৱালপাৰা জিলাৰ সম্পাদিকা আছিল জোনালী নাথ । বৰ্তমানেও পোহৰলৈ অহা নাই এই ঘটনাৰ প্ৰকৃত কাৰণ । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ। এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰি হত্যাকাৰীক কঠোৰ শাস্তি বিহাৰ দাবী মন্ত্ৰী ৰণজিৎ দাসৰ ।
এক প’ষ্টযোগে মন্ত্ৰীগৰাকীয়ে কয়, “ভাৰতীয় জনতা পাৰ্টি, গোৱালপাৰা জিলাৰ সম্পাদিকা জোনালী নাথৰ হত্যাত মই গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ ৷ নৃশংসতাৰ বলি হোৱা জোনালী নাথৰ মৃত্যুত মই অত্যন্ত ব্যথিত হৈছোঁ আৰু গভীৰ দুখ প্ৰকাশ কৰিছোঁ ৷ মই ৰাজ্যিক সভাপতি হৈ থকা সময়ত তথা পৰৱৰ্তী সময়তো সম্পাদিকা গৰাকীক কেইবাবাৰো লগ পাইছিলোঁ ৷ তেওঁ দলৰ প্ৰতি যি একনিষ্ঠ সেৱা আগবঢ়াইছিল সেয়া আমাৰ বাবে স্মৰণীয় হৈ ৰ’ব ৷ জোনালী নাথক যিসকলে নিষ্ঠুৰ ভাৱে হত্যা কৰিলে তেওঁলোকক যাতে অতি শীঘ্ৰে কৰায়ত্ত কৰে তাৰবাবে অসম পুলিচক মই আহ্বান জনাইছোঁ আৰু তেওঁৰ আত্মাই যাতে বৈকুণ্ঠত স্থান লাভ কৰে তাকে কামনা কৰিছোঁ ৷ ৷৷ ঔঁম শান্তি ৷৷”