তিনিচুকীয়াত লটাৰীৰ নামত ভয়ংকৰ প্ৰৱঞ্চনা; জড়িত বিজেপিৰ পালি নেতা

নামী দামী পুৰস্কাৰৰ টোপ দি প্ৰৱঞ্চক চক্ৰটোৱে ব্যাপক হাৰত ধন সংগ্ৰহ কৰিছিল । প্ৰৱঞ্চক চক্ৰটোৰ আঁৰত মূল মাষ্টাৰ মাইণ্ড হিচাপে আছে শিৱসাগৰৰ ভাস্কৰ নাথ ।

Share to your Social Account

নিউজ ডেস্ক, ১৯ জুনঃ বাণিজ্য নগৰী তিনিচুকীয়াৰ লাইপুলি গাঁৱত ঘৰে ঘৰে চলিছে আৰক্ষীৰ অভিযান। কিন্তু এই অভিযান কোনো উগ্ৰপন্থীৰ সংগঠনৰ সদস্যক বিচাৰি চলোৱা অভিযান নহয়৷ লটাৰী খেলৰ নামত প্ৰৱঞ্চনাৰ জাল পেলাই কোটি কোটি টকা আত্মসাৎ কৰা এটা প্ৰৱঞ্চক চক্ৰৰ বিৰুদ্ধেহে চলিছে আৰক্ষীৰ এই অভিযান।

হয়,গাঁৱৰ মানুহক অন্ধকাৰত ৰাখি উপহাৰ কুপনৰ নামত এটা প্ৰৱঞ্চক চক্ৰই তিনিচুকীয়াৰ পৰা লুটি নিলে প্ৰায় তিনি কোটি টকা । তিনিচুকীয়া চহৰৰ গাতে লাগি থকা বৰলাইপুলিৰ ২ নং কদমনি নামঘৰ আৰু হৰি নাম চৰ্চা কেন্দ্ৰৰ সাহায্যাৰ্থে আয়োজিত উপহাৰ কুপন খেলখনৰ বাবে যোৰহাট, মাজুলী, ধেমাজি, মাৰ্ঘেৰিটা,ডিব্ৰগড়, দুলীয়াজান ইত্যাদি বিভিন্ন অঞ্চলত ১০০ টকীয়া কুপন বিক্ৰীৰ জৰিয়তে চক্ৰটোৱে সংগ্ৰহ কৰে প্ৰায় ৩ কোটি টকা। দেওবাৰে গাঁৱবাসীৰ ওপৰিও নামঘৰ পৰিচালনা সমিতিক অন্ধকাৰত ৰাখি প্ৰবঞ্চক চক্ৰটোৱে বিক্ৰী নোহোৱা কুপনৰ নম্বৰকে ফলাফল হিচাপে ঘোষণা কৰি সংগৃহীত সমূদায় ধন আত্মসাৎ কৰি তিনিচুকীয়াৰ পৰা পলায়ন কৰিছে চক্ৰটোৰ সকলো কৰ্মকৰ্তা ৷

নামী দামী পুৰস্কাৰৰ টোপ দি প্ৰৱঞ্চক চক্ৰটোৱে ব্যাপক হাৰত ধন সংগ্ৰহ কৰিছিল । প্ৰৱঞ্চক চক্ৰটোৰ আঁৰত মূল মাষ্টাৰ মাইণ্ড হিচাপে আছে শিৱসাগৰৰ ভাস্কৰ নাথ । যিয়ে উপহাৰ কুপনৰ নামত ৰাজ্যৰ বিভিন্ন স্থানত প্ৰৱঞ্চনাৰ জাল তৰি কোটি টকাৰ ব্যৱসায় অব্যাহত ৰাখিছে। ভাস্কৰ নাথৰ সহযোগী হৃদয় কুৰ্মী আৰু বিজেপিৰ পালি নেতা শৰৎ চাংমাই ।

(অভিযুক্ত শৰৎ চাংমাই আৰু হৃদয় কুৰ্মী)

এওঁলোকৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ ব্যৱস্থা লোৱাৰ দাবী স্থানীয় ৰাইজৰ।তিনিচুকীয়া আৰক্ষীৰ তথা জিলা প্ৰশাসনৰ অনুমতি অবিহনে এই ব্যয়বহুল উপহাৰ কুপন খেলখনৰ আয়োজন চলিছিল ।

আয়োজকৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰো ৰুজু কৰি US14/15 AGB Act.ৰ ধাৰা সন্নিবিষ্ট কৰিছিল লটাৰী সমিতিৰ বিৰুদ্ধে ৷ ইয়াৰ পাছতো অগ্ৰিম জামিন লৈ আৰক্ষীৰ চকুত ধুলি দি এইসকলে প্ৰবঞ্চকে আত্মসাৎ কৰিলে কোটি কোটি টকা।

ইপিনে প্ৰবঞ্চক চক্ৰটোৰ বিৰুদ্ধে নিশাও বিভিন্ন স্থানত চলিল আৰক্ষীৰ অভিযান ৷ অভিযানত এটা ভাড়া ঘৰৰ পৰা জব্ধ বস্তাই বস্তাই লটাৰী টিকট বুক ৷ কেতিয়া এই প্ৰবঞ্চক চক্ৰটো আৰক্ষীৰ জালত পৰিব সেয়া হ’ব লক্ষণীয়।

Share to your Social Account