তিনিচুকীয়া জিলা কংগ্ৰেছৰ তৰফৰ পৰা অসমীয়া বোলছবি “শ্ৰী ৰঘুপতি” ৰ বিনামূলীয়া প্ৰদৰ্শন
![](https://updatenowne.in/wp-content/uploads/2023/06/347260797_1282168626021545_4428325637725049111_n-1024x511.jpg)
শেহতীয়কৈ অসমীয়া বোলছবি উদ্যোগৰ উত্থানে অসমৰ বোলছবি জগতৰ সৈতে জড়িত একাংশ কলা-কুশলীৰ বাবে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা অভিনীত “শ্ৰী ৰঘুপতি”, ডাক্টৰ বেজবৰুৱা আদি চিনেমা ৰাইজৰ মাজত বিপুল সমাদৰে এইক্ষেত্ৰত এক যোগাত্মক দিশ হিচাপে ইতিমধ্যে পৰিগণিত হৈছে।
অসমীয়া বোলছবি উত্থানৰ প্ৰতি সহাৰি জনাই সোমবাৰে তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত তিনিচুকীয়া ব্লক কংগ্ৰেছৰ সহযোগত তিনিচুকীয়া জিলাৰ বিভিন্ন গ্ৰামাঞ্চলৰ অন্তৰ্গত ৩৬ গৰাকী আই-মাতৃক তিনিচুকীয়াৰ ATC Galleria চিনেমা হলত “শ্ৰী ৰঘুপতি”ৰ বিনামূলীয়া দৰ্শনীৰ ব্যৱস্থা কৰে।
অসম চৰকাৰে কিছু ধৰ্মীয় মেৰুকৰণ সৃষ্টি কৰা বোলছবিৰ কৰ মাফ কৰাৰ লগতে বিনামূলীয়া দৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰে। সেই বাবেই অসমীয়া চিনেমাৰ স্বাৰ্থত “শ্ৰী ৰঘুপতি” বোলছবি খোনো সম্পূৰ্ণ ৰূপে কৰ মাফ কৰিবলৈ চৰকাৰলৈ দাবীও জনাই কংগ্ৰেছ দলটোৱে।
আনহাতে আজি অনুস্থানটোত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ মৌচুম বৰুৱা তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰণৱ বৰুৱা, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিজয় গোহাঁই, তিনিচুকীয়া ব্লক কংগ্ৰেছৰ সভাপতি অৰূপজ্যোতি দাস, উপ-সভাপতি লালন গুপ্তাৰ লগতে বহু কেইগৰাকী জিলা-ব্লক পৰ্য্যায়ৰ বিষয়ববীয়া উপস্থিত থাকে।