ৰাজ্যত গ্ৰেনেড বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ বাবে যোৰহাটত উপস্থিত NIAৰ দল

নিউজ ডেস্ক, ১৬ ডিচেম্বৰঃ ৰাজ্যখনত শেহতীয়াকৈ সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ তদন্তৰ বাবে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (এনআইএ) এটা দল শনিবাৰে যোৰহাটৰ সেনা ছাউনীত উপস্থিত হয় ।

ৰাজ্যিক কৰ্তৃপক্ষই তিনিখন জিলাত গ্ৰেনেড আক্ৰমণৰ তদন্তত সহায়ৰ বাবে NIAক অনুৰুধ জনাইছিল ।

২২ নৱেম্বৰৰ পৰা ১৩ ডিচেম্বৰৰ ভিতৰত তিনিচুকীয়া, গুৱাহাটী আৰু যোৰহাট জিলাত সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ দায়িত্ব ইতিমধ্যেই আলফা-স্বাধীনে স্বীকাৰ কৰিছে।

অসমৰ মুখ্যমন্ত্ৰী হিমহ বিশ্ব শৰ্মাই ১৫ ডিচেম্বৰত নতুন দিল্লীত এন আই এৰ সঞ্চালক প্ৰধানক সাক্ষাৎ কৰে। অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে আশ্বাস দিছে যে বিস্ফোৰণৰ বাবে দায়ী সকলে ন্যায়ৰ সন্মুখীন হ’ব।

Share to your Social Account