Home / Regional / Assam / জিপি সিঙক থলুৱা দেহৰক্ষী অবিহনে গুৱাহাটীত তহল দিবলৈ প্ৰত্যাহ্বান আলফা স্বাধীনৰ

জিপি সিঙক থলুৱা দেহৰক্ষী অবিহনে গুৱাহাটীত তহল দিবলৈ প্ৰত্যাহ্বান আলফা স্বাধীনৰ

নিউজ ডেস্ক, ১৬ ডিচেম্বৰঃ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিং আৰু সংযুক্ত মুক্তিবাহিনী অসম স্বাধীনৰ মাজত তুংগত উঠিছে সংঘাত । আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি তেওঁক মুকলি প্ৰত্যাহ্বান আলফা স্বাধীনৰ ।

উল্লেখ্য যে যোৰহাটত গ্ৰেনেড বিস্ফোৰণ সংঘটিত হোৱাৰ পাছতে জিপি সিঙে আলফা স্বাধীনক প্ৰত্যাহ্বান জনাই কৈছিল যে-অ’ত ,ত’ত বোমা ফুটাই জনসাধাৰণৰক কষ্ট দিয়াতকৈ মোৰ কাহিলীপাৰাৰ ঘৰ আৰু উলুবাৰীত আহিলেই হ’ল ।

জিপি সিঙৰ এই প্ৰত্যাহ্বান এতিয়া দুটা চৰ্ত সাপেক্ষে গ্ৰহণ কৰিছে আলফা স্বাধীনে । এই সন্দৰ্ভত সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণ কৰিছে সংগঠনটোৱে । বিবৃতিযোগে সংগঠনটোৱে কয়, “যোৱা ইংৰাজী ১৫ ডিচেম্বৰ ২০২৩ তাৰিখে জি পি সিঙে সংবাদ মাধ্যমৰ আগত “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনক যি প্ৰত্যাহ্বন জনাইছে; উক্ত প্ৰত্যাহ্বান আমি দুটা চৰ্ত সাপেক্ষে গ্ৰহণ কৰিছোঁ৷

“প্ৰথমে, জি পি সিঙে তেখেতৰ গাড়ী চালকৰ লগতে নিৰাপত্তাৰ বাবে পশ্চিমা-দক্ষিণ-পূৱ-এছিয়া [WeSEA] অঞ্চলৰ যিসকল থলগিৰি আৰক্ষী বিষয়া আৰু কনিষ্টবলক ব্যৱহাৰ কৰি আহিছে সেইসকলক ঠাইত CRPF বা ভাৰতীয় সেনা বাহিনী [WeSEA অঞ্চলৰ যুৱক-যুৱতীক বাদ দি] ক ব্যৱহাৰ কৰক৷”

“দ্বিতীয়তে, মাত্ৰ এসপ্তাহ গুৱাহাটীত মুকলিকৈ তহল দি দেখুওৱাক৷ কিয়নো, এটা দশৰ পূৰ্বে “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে অসম আৰক্ষীৰ থলগিৰি বিষয়া/সদস্যৰ লগতে ৱেছিয়া অঞ্চলৰ থলগিৰি সামৰিক বিষয়া/সদস্য সকলৰ সৈতে সংঘৰ্ষত লিপ্ত নোহোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷”

“কাৰণ, বিগত সময়ত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক দৌলত সিং নেগী আৰু তিনিচুকীয়াৰ আৰক্ষী অধক্ষীক আৰ কে সিঙৰ সৈতে সংঘৰ্ষ হওঁতে আমাৰ হাততেই ভাতৃসদৃশ বহুকেইগৰাকী থলগিৰি বিষয়া/সদস্যই মৃত্যুবৰণ কৰিছিল৷ এতিয়া আকৌ জি পি সিঙে পুনৰ সেই ভাতৃঘাটি সংঘৰ্ষৰ ৰূপ দিবলৈ বাৰে বাৰে চেষ্টা চলাইছে৷ সেয়েহে, সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে ‘উলুৰ লগত বগৰী পোৰা’ কাৰ্য্যৰ পৰা বিৰত থাকি জি পি সিঙলৈ উক্ত চৰ্তৰ প্ৰত্যাহ্বান জনোৱা হৈছে৷”

“আমি জানো, আমাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ আপোনা সাহস নাই, আছে মাথো “স্বাধীনতা ফুকন” ৰ দৰে নিৰস্ত্ৰ যুৱৱক নিশা শোৱাপাটিত পৰা উঠাই নি শীতল মস্তিষ্কৰে হত্যা কৰাৰ৷”

মুঠৰ ওপৰত এতিয়া আলফা স্বাধীন আৰু আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ মাজত এতিয়া প্ৰত্যাহ্বান দিয়া আৰু গ্ৰহণ কৰাৰ জোৱাৰ উঠিছে । য’ত পণবন্দী হৈ পৰিছে সাধাৰণ জনতা ।

Share to your Social Account
Tagged: