আলফা(স্বাঃ)ৰ সন্দেহত শদিয়াৰ তিনি যুৱকৰ ওপৰত গুলীচালনা আৰক্ষীৰ
![](https://updatenowne.in/wp-content/uploads/2023/12/Screenshot-2023-12-24-091049-1024x515.png)
তিনিচুকীয়া, ২৪ ডিচেম্বৰঃ আলফা স্বাধীনৰ সন্দেহত তিনি যুৱকৰ ওপৰত গুলীচালনা আৰক্ষীৰ । শদিয়াত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । আলফা স্বাধীনত যোগদান কৰিবলৈ যোৱাৰ সন্দেহত শদিয়াৰ তিনি যুৱকৰ ওপৰত আৰক্ষীয়ে এই গুলীচালনা কৰে ।
পুৱতি নিশা সংঘটিত হয় এই গুলীচালনাৰ ঘটনা । উল্লেখ্য যে তিনিওগৰাকী যুৱকৰ ভৰিত গুলী লাগিছে । আৰক্ষীৰ গুলীত আহত যুৱককেইজন হৈছে শদিয়াৰ স্কুল চাৰি আলিৰ বিশ্বনাথ বুঢ়াগোঁহাই, নিজৰাপাৰাৰ মনোজ বুঢ়াগোঁহাই আৰু মিলন নগৰৰ (দ্বীপজ্যোতি) নবীন নেওগ ।
তিনিওজনকে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে৷ আৰক্ষীৰ এই এনকাউণ্টাৰে সৰ্বত্ৰে জোকাৰণি তুলিছে৷ ইফালে সমগ্ৰ ঘটনা শদিয়া আৰক্ষীয়ে গাপ দিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।
সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি তিনিওজন যুৱক বনভোজ খাবলৈ গৈছিল ডাম্বুকলৈ । বনভোজৰ পৰা ঘূৰি আহি তিনি যুৱকে ঘৰলৈ যোৱাৰ পৰিৱৰ্তে আলফা স্বাধীনত যোগদান কৰিবলৈ যোৱা বুলি খবৰ দিয়ে । লগে লগেই পৰিয়ালৰ লোকে সমগ্ৰ ঘটনা আৰক্ষীক অৱগত কৰে ।
জানিব পৰা মতে, আটাইকেইজন যুৱক সুৰাৰ ৰাগীত আছিল ।