বোকাখাতৰ ৮০৬৩.৩ মেট্ৰিক টন ৰঙালাও আৰু কৃষিমন্ত্ৰী অতুল বৰাৰ ব্যাপক প্ৰচাৰৰ ৰহস্য
বোকাখাত, ২৮ মে’ (পল্লৱ হাজৰিকা): ইতিমধ্যে দুটাকৈ কাৰ্যকালৰ বাবে বোকাখাত বিধান সভা সমষ্টি দখলত ৰখা কৃষি মন্ত্ৰী অতুল বৰাই নিজা সমষ্টি বোকাখাতৰ পৰা বৰ্হিৰাজ্যলৈ সমষ্টিটোৰ একাংশ কৃষকে উৎপাদন কৰা ৮০৬৩.৩ মেট্ৰিক টন ৰঙালাও প্ৰেৰণ কৰিছে।
আৰু তাৰ বাবে আশাকৰা ধৰণেই একাংশ অনুগত অন্ধভক্তৰ পৰা লাভ কৰিছে বিশেষ প্ৰশংসা। এই ক্ষেত্ৰত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়েও সামাজিক মাধ্যমত বোকাখাতৰ কৃষক আৰু কৃষিমন্ত্ৰীক প্ৰশংসাৰে উপচাই পেলাইছে।
স্বাভাৱিকতেই বোকাখাতৰ কৃষিক্ষেত্ৰৰ পৰা এই বুজন পৰিমানৰ ৰঙালাও বৰ্হিৰাজ্যলৈ প্ৰেৰণ, কৃষি মন্ত্ৰীৰ উৎসাহী ফটোশ্বুট, মুখ্যমন্ত্ৰীৰ ফেচবুক পোষ্ট আৰু সংবাদ মাধ্যমত প্ৰকাশিত ডাঙৰ হৰফৰ বাতৰি আদিয়ে বোকাখাতৰ কৃষিক্ষেত্ৰৰ এই জয়জয় ময়ময় অৱস্থাৰ প্ৰতি মানুহক আকৰ্ষিত কৰা দেখা গৈছে।
কিন্তু প্ৰকৃততেই বোকাখাতৰ কৃষিক্ষেত্ৰলৈ এক যুগান্তকাৰী পৰিবৰ্তন আহিছেনে? আনহাতেদি বৰ্হিৰাজ্যলৈ এই বুজন পৰিমাণৰ ৰঙালাও প্ৰেৰণ কৰা কৃষকসকল প্ৰকৃততে কোন? বোকাখাতৰ গ্ৰামাঞ্চল সমুহত এক সুক্ষ্ম ক্ষেত্ৰভিত্তিত অধ্যয়ন কৰিলেই স্পষ্ট হৈ পৰে এই সকল কৃষকৰ ৰহস্য আৰু কৃষি মন্ত্ৰী অতুল বৰাৰ কৃষি উন্নয়ণৰ প্ৰকৃত স্বৰূপটো।
কাৰণ বোকাখাত মহকুমাৰ হাজাৰ হাজাৰ প্ৰকৃত আৰু অৱস্থাহীন, দুৰ্দশাগ্ৰস্ত কৃষকক কৃষি বিভাগৰ বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত কৰি কৃষি মন্ত্ৰীৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰা এইসকল আচলতেই কৃষি মন্ত্ৰী অতুল বৰাই নিজৰ ঢাল ৰূপে ব্যৱহাৰ কৰা কৃষক।
উল্লেখযোগ্যযে কৃষিমন্ত্ৰী গৰাকীয়ে নিজৰ ভোট বেংক নিশ্চিত কৰি ৰখাৰ স্বাৰ্থত বিগত সময়চোৱাত এনেদৰেই বোকাখাত বিধান সভা সমষ্টিৰ একাংশ দলীয় কৰ্মী, নেতা-পালীনেতাক কৃষি বিভাগৰ ট্ৰেক্টৰ-সাৰ-বীজ আদিৰে নীতি বৰ্হিভূতভাবে পুষ্ট কৰি বজাই আছে কৃষি উন্নয়নৰ ঢাকঢোল। আৰু সৃষ্টি কৰিছে বোকাখাত মহকুমা কৃষি বিভাগৰ কাৰ্যালয়ল সামৰি এক “বিশেষ কৃষক লবী”ৰ।
তাৰ বিপৰিতে আন একাংশ প্ৰকৃত কৃষক এনে সা-সুবিধাৰ পৰা বঞ্চিত হৈও গাঁঠিৰ ধন ভাঙি নিজৰ চমকপ্ৰদ উৎপাদন অব্যাহত ৰাখিছে। অথচ এইফকলক মন্ত্ৰী গৰাকীৰ অন্ধভক্ত আৰু ৰাজনৈতিক চামছা (sycophant) নোহোৱাৰ বাবেই লোকচক্ষুৰ সন্মুখলৈ অনা নহয়। আৰু দিয়া নহয় প্ৰকৃত কৃষকৰ পৰিচয়, গণতন্ত্ৰ দিৱসত এওঁলোকক দিয়া নহয় বঁটা বাহন-পাটৰ চেলেং!
তাতোতকৈও ডাঙৰ কথা বিগত সময়চোৱাত বোকাখাতৰ কৃষিক্ষেত্ৰখনৰ সামগ্ৰিক বিফলতাক ঢাকোন দিবলৈহে আচলতে এই ৮০৬৩.৩ মেট্ৰিক টন ৰঙালাওৰ ভেল্কিবাজী, ব্যাপক প্ৰচাৰৰ কাৰচাজী। আৰু এই কাৰ্যত সহায় কৰি আহিছে উক্ত “বিশেষ কৃষক লবী”টোয়ে।
কাৰণ কৃষি মন্ত্ৰী গৰাকীৰ প্ৰতিশ্ৰুতি অনুসৰি বোকাখাত সমষ্টিৰ কৃষি পথাৰত নহ’ল বাৰ মাহেই পানী যোগানৰ ব্যৱস্থা, নহ’ল কৃষি বীমা, কৃষকে নাপালে বানপানীৰ ক্ষতিপুৰণ, নাপালে উৎপাদিত শস্যৰ যথোচিত মূল্য, নাপালে শিলাবৃষ্টি আদিৰ দৰে প্ৰাকৃতিক দূৰ্যোগৰ ক্ষতিপূৰণ আনকি বন্ধ নহ’ল কৃষি মন্ত্ৰী গৰাকীৰ একাংশ বিশ্বস্ত সহযোগীয়ে চলাই থকা অবৈধ গো-ধনৰ বেহাও।
তেনে প্ৰেক্ষাপটত ৮০৬৩.৩ মেট্ৰিক টন টন ৰঙালাও বৰ্হিৰাজ্যলৈ প্ৰেৰণ কৰি কৃষিমন্ত্ৰী গৰাকীৰ এই ৰাজকীয় প্ৰচাৰৰ অৰ্থ কি?
উল্লেখযোগ্য যে ভালকৈ লক্ষ কৰিলে স্পষ্ট হয় ৰবি শস্যৰ বতৰত কৃষিমন্ত্ৰী গৰাকীয়ে কৃষি ক্ষেত্ৰখনৰ বিফলতাৰ প্ৰকৃত ছবিখনত ঢাকোন দিবলৈ এনেদৰেই একাংশ আশিসপুষ্ট দলীয় লেবেলধাৰী কৃষক আৰু কিছুসংখ্যক অনুগত সাংবাদিকক সন্মুখত ৰাখি চলাই আহিছে কেৱল ৰঙালাও কেন্দ্ৰীক প্ৰচাৰ। উল্লেখযোগ্য যে বিগত বৰ্ষত এনে প্ৰচাৰৰ শিৰোনাম আছিল “২ কোটি টকাৰ ৰঙালাও”।
এনে সময়তে পুনৰ প্ৰশ্ন হয়, বোকাখাত মহকুমা কৃষি বিভাগৰ পৰা কুইণ্টলে কুইণ্টলে বাদামৰ বীজ সৰকাই সমষ্টিটোৰ সেই ‘বিশেষ কৃষক লবী’টোয়ে কৰা বাদাম খেতিৰ কি হ’ল ?
২০২২-২৩ বৰ্ষত কৃষি মন্ত্ৰী অতুল বৰাই মহকুমাটোৰ গাভৰু চাপৰিত নিজে ট্ৰেক্টৰৰে মাটি চহাই গৰুখুঁটিৰ আৰ্হিত ৫০০০হাজাৰ বিঘা মাটি সামৰি কৰা মাকৈ খেতিৰ কি হ’ল য’ৰ পৰা কঁঠিয়ালৈ থ’বলৈ ১ কিঃগ্ৰাঃ মাকৈৰো উৎপাদন নহ’ল! দুৰ্ভাগ্যজনক ভাবে জনসাধাৰণৰ এনোবোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ কৃষি মন্ত্ৰী গৰাকীৰ সাহ আৰু সততা দুয়োটায়েই নাই ।