Home / Regional / Assam / কাকপথাৰৰ টঙনা চাহ বাগিছাত চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান

কাকপথাৰৰ টঙনা চাহ বাগিছাত চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান

তিনিচুকীয়া, ২৩ মে’: তিনিচুকীয়া জিলাৰ টঙনা চাহ বাগিছাত কেবাজনো শ্ৰমিকৰ অস্বাভাৱিক মৃত্যুৰ বাতৰি পোহৰলৈ অহাৰ লগে লগে জিলা আয়ুক্ত স্বপ্নীল পালৰ নিৰ্দেশ ক্ৰমে আৱকাৰী বিভাগে বাগিছাখনত চুলাই মদৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে।

বুধবাৰে পুৱাতে চলোৱা এক অভিযানত বাগিছাখনৰ ২৮ নং মিলনপুৰ, ২২ আৰু ২০ নং ৰংপুৰ আৰু ৭ আৰু ৮ নং কুলিবিল লাইনত অভিযান চলাই তেনে চুলাই মদৰ ঘাটি উচ্ছেদ কৰা হয়। এই অভিযান কালত প্ৰায় ৬০ লিটাৰ চুলাই মদ আৰু বৃহৎ পৰিমাণৰ চুলাই মদ প্ৰস্তুত কৰা সামগ্ৰী নষ্ট কৰা হয়।

এই তিনিচুকীয়া আৰু কাকপথাৰ চক্ৰৰ অৱকাৰী দলে এই অভিযানত অংশ লয়। আজিও আৱকাৰী বিভিন্ন ঠাইত অভিযান অব্যাহত ৰাখিছে। জিলাখনৰ অন্যান্য চাহ বাগিছা আৰু আন ঠাই সমূহতো চুলাই মদৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিবলৈ জিলা আয়ুক্ত‌ই অৱকাৰী বিভাগৰ বিষয়া -কৰ্মচাৰীসকলক কঠোৰ নিৰ্দেশ দিছে।

Share to your Social Account
Tagged: