এইবাৰ ১০ তাৰিখে নাপাব অৰুণোদয় আঁচনি আৰু পেঞ্চনৰ ধন, কিন্তু কিয় ?

নিউজ ডেস্ক, ৮ আগষ্টঃ আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী অথবা অসম চৰকাৰৰ পেঞ্চনভোগী নেকি ? যদিহে হয় তেন্তে এই খবৰ আপোনাৰ বাবে । কিয়নো এইমাহত আপুনি পূৰ্ব নিৰ্ধাৰিত তাৰিখে (প্ৰতিমাহৰ ১০ তাৰিখে) লাভ নকৰিব অৰুণোদয় আৰু পেঞ্চনৰ ধন । সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে এই কথা ।

কিন্তু আপোনাৰ চিন্তাৰ কোনো প্ৰয়োজন নাই । আপুনি চলিত মাহৰ ১২ তাৰিখে লাভ কৰিব অৰুণোদয় আৰু পেঞ্চনৰ ধন । ইয়াৰ কাৰণ সম্পৰ্কে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “এই মাহৰ পেঞ্চন আৰু অৰুণোদয় দিন অর্থাৎ ১০ তাৰিখটো সপ্তাহান্তত (শনিবাৰ আৰু দেওবাৰ) পৰাৰ বাবে ডি বি টিৰ জৰিয়তে হিতাধিকাৰীসকলক ধনৰাশি প্রেৰণ কৰিবলৈ পৰা নাযাব। তাৰ পৰিৱর্তে এই ধনৰাশি সোমবাৰ অর্থাৎ ১২ আগষ্টত প্রেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।”

Share to your Social Account