Home / Regional / Manipur / মণিপুৰত পুনৰ কুকি উগ্ৰপন্থীৰে গাঁৱৰক্ষী বাহিনীৰ সংঘৰ্ষ; আহত ৯জন

মণিপুৰত পুনৰ কুকি উগ্ৰপন্থীৰে গাঁৱৰক্ষী বাহিনীৰ সংঘৰ্ষ; আহত ৯জন

নিউজ ডেস্ক, ১২ জুনঃ সন্দেহযুক্ত কুকি উগ্ৰপন্থী আৰু ইম্ফল পূব জিলাৰ চাগোলমাং আৰক্ষী থানাৰ অন্তৰ্গত নংচুম গাওঁৰ প্ৰতিৰক্ষা কৰি থকা গাওঁৰ স্বেচ্ছাসেৱকসকলৰ মাজত সোমবাৰে দিনজোৰা এক ভয়ংকৰ গুলী চালনাত প্ৰায় নজন গাঁৱবাসী আহত হয় ।

শেহতীয়া বাতৰি অনুসৰি খামেনলোকত সংঘটিত গুলীচালনা সোমবাৰে সন্ধিয়ালৈকে চলিছিল। সূত্ৰঅনুসৰি, সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে পুৱা প্ৰায় ১০ বজাত নংচুম গাঁৱৰ দিশে গুলীবৰ্ষণ আৰম্ভ কৰাৰ পিছত সন্ধিয়ালৈকে দুয়োপক্ষৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হয় ।

গাঁৱবাসীক আক্ৰমণ কৰা কুকি উগ্ৰপন্থী গোটটো কাংপোকপি জিলাৰ চাগোলমাং আৰক্ষী থানাৰ পৰা ৫ কিলোমিটাৰ পূবত অৱস্থিত খোপিবুঙৰ আছিল বুলি জানিব পৰা গৈছে।

“সোমবাৰে কাংপোকপি জিলাৰ চাইকুল উপ-সংমণ্ডলৰ খামেনলোক গাঁৱত কুকি উগ্ৰপন্থীৰ সৈতে গুলীবিনিময়ৰ সময়ত অতি কমেও নজন গাওঁ প্ৰতিৰক্ষা স্বেচ্ছাসেৱক গুলীবিদ্ধ হয় আৰু চিকিৎসাধীন এজন ইম্ফলৰ ৰাজ মেডিচিটিত সংকটজনক অৱস্থাত আছে।” সূত্ৰত প্ৰকাশ।

Share to your Social Account
Tagged: