Wrestlers protest: মল্লযোদ্ধাৰ প্ৰতিবাদ সাময়িকভাৱে প্ৰত্যাহাৰ; ব্ৰীজ ভূষণৰ বিৰুদ্ধে ১৫ জুনৰ ভিতৰত ব্যৱস্থা লোৱাৰ আশ্বাস চৰকাৰৰ

কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ সৈতে ঘণ্টাজোৰা বৈঠকত অংশ গ্ৰহণ কৰাৰ পিচত প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলে কয় যে চৰকাৰে তেওঁলোকক ১৫ জুনৰ ভিতৰত তদন্ত কৰি প্ৰতিবেদন দিয়াৰ আশ্বাস দিছে।

Share to your Social Account

New Delhi: Indian wrestlers Bajrang Punia, Vinesh Phogat and Sakshi Malik during a press conference regarding wrestlers' protest at Jantar Mantar, in New Delhi, Sunday, April 23, 2023. (PTI Photo/Manvender Vashist Lav)(PTI04_23_2023_000223B)

স্পৰ্টছ ডেস্ক, ৮ জুনঃ মল্লযোদ্ধা বজৰং পুনিয়া আৰু সাক্ষী মালিকে বুধবাৰে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বাসগৃহত বৈঠকৰ বাবে উপস্থিত হৈছিল। উল্লেখযোগ্য যে ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে মল্লযোদ্ধাসকলক এক আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছিল । এই বৈঠকত মল্লযোদ্ধাসকলৰ প্ৰতিবাদ ১৫ জুনলৈকে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।‌

বৈঠকৰ অন্তত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে যে তদন্ত প্ৰক্ৰিয়া ১৫ জুনৰ ভিতৰত সম্পূৰ্ণ হ’ব আৰু এখন অভিযোগপত্ৰ দাখিল কৰা হ’ব । ডব্লিউএফআই (WFI) ৰ নিৰ্বাচন ৩০ জুনৰ ভিতৰত অনুষ্ঠিত কৰা হ’ব বুলিও তেওঁ সদৰী কৰে । ইয়াৰ পাচতেই মল্লযোদ্ধাসকলে প্ৰতিবাদ ১৫ জুনলৈকে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ সৈতে ঘণ্টাজোৰা বৈঠকত অংশ গ্ৰহণ কৰাৰ পিচত প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলে কয় যে চৰকাৰে তেওঁলোকক ১৫ জুনৰ ভিতৰত তদন্ত কৰি প্ৰতিবেদন দিয়াৰ আশ্বাস দিছে। বৈঠকত মল্লযোদ্ধাসকলক আশ্বাস দিয়া হয় যে আৰক্ষীৰ তদন্ত ১৫ জুনৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব। সূত্ৰঅনুসৰি, চৰকাৰে মল্লযোদ্ধাসকলৰ বিৰুদ্ধে পঞ্জীয়ন কৰা গোচৰবোৰ প্ৰত্যাহাৰ কৰা হ’ব বুলিও আশ্বাস দিছে।

উল্লেখযোগ্য যে ভাৰতীয় কুস্তি ফেডাৰেশ্যনৰ অধ্যক্ষ ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে মহিলা মল্লযোদ্ধাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰি আছে । এতিয়ালৈকে, ব্ৰীজ ভূষণৰ বিৰুদ্ধে দুখন এজাহাৰ দাখিল কৰা হৈছে, আৰু তেওঁৰ বিৰুদ্ধে পকচো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

Share to your Social Account