ওড়িশাত মিছাইল ‘অগ্নি প্ৰাইম’ৰ সফল উৎক্ষেপণ

এয়া অগ্নি প্ৰাইমৰ প্ৰথম প্ৰাক-অন্তৰ্ভুক্তি নৈশ উৎক্ষেপণ আছিল আৰু এই উৎক্ষেপণে অস্ত্ৰ প্ৰণালীৰ “শুদ্ধতা আৰু নিৰ্ভৰযোগ্যতা”ৰ বৈধতা প্ৰদান কৰিছে ।” ইয়াৰ পূৰ্বে তিনিটা পৰীক্ষণ সম্পূৰ্ণ কৰা হৈছিল।

Share to your Social Account

নেশ্যনেল ডেস্ক , ৯ জুনঃ ভাৰতে ২,০০০ কিলোমিটাৰ দূৰত্বলৈকে পাৰমাণৱিক বোমা নিক্ষেপ কৰিব পৰা এটা নতুন বেলিষ্টিক মিছাইল সামৰিক শক্তিত অন্তৰ্ভুক্ত কৰিবলৈ সাজু হৈছে ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে বৃহস্পতিবাৰে ঘোষণা কৰিছে যে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (ডিআৰডিঅ’) এদিন আগতে উৰিষ্যা উপকূলৰ ড০ এ পি জে আব্দুল কালাম দ্বীপৰ পৰা অগ্নি প্ৰাইম মিছাইলৰ এক গুৰুত্বপূৰ্ণ প্ৰাক-অন্তৰ্ভুক্তি উৎক্ষেপণ কৰিছিল।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে “এয়া অগ্নি প্ৰাইমৰ প্ৰথম প্ৰাক-অন্তৰ্ভুক্তি নৈশ উৎক্ষেপণ আছিল আৰু এই উৎক্ষেপণে অস্ত্ৰ প্ৰণালীৰ “শুদ্ধতা আৰু নিৰ্ভৰযোগ্যতা”ৰ বৈধতা প্ৰদান কৰিছে ।” ইয়াৰ পূৰ্বে তিনিটা পৰীক্ষণ সম্পূৰ্ণ কৰা হৈছিল।

এই নতুন মিছাইলটো উন্নত প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে আৰু ই দেশৰ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব বুলি উল্লেখ কৰে প্ৰতিৰক্ষা বিষয়াসকলে ।

ডিআৰডিঅ’ৰ দ্বাৰা বিকশিত অগ্নি মিছাইলৰ অন্যান্য প্ৰকাৰবোৰৰ ভিতৰত আছে ৭০০ কিলোমিটাৰ পাকিস্তান-Specific অগ্নি-১, ২,০০০ কিলোমিটাৰ দূৰত্বৰ অগ্নি-২, ৩,০০০ কিলোমিটাৰ দূৰত্বৰ অগ্নি-৩, ৪,০০০ কিলোমিটাৰ দূৰত্বৰ অগ্নি-৪ আৰু ৫,০০০ কিলোমিটাৰ দূৰত্বৰ অগ্নি-৫ মিছাইল।

Share to your Social Account