Home / Regional / Manipur / মণিপুৰৰ বিধায়কৰ গৃহৰ সন্মুখত IED বিস্ফোৰণ

মণিপুৰৰ বিধায়কৰ গৃহৰ সন্মুখত IED বিস্ফোৰণ

নিউজ ডেস্ক, ৯‌ জুনঃ মণিপুৰত বৰ্তমানেও বিৰাজ কৰি আছে অচলাৱস্থাই । বৃহস্পতিবাৰে মণিপুৰৰ‌ এগৰাকী বিধায়কৰ বাসগৃহৰ সন্মুখত সংঘটিত হয় IED বিস্ফোৰণ। পশ্চিম ইম্ফলৰ চিংজামেই থানাৰ অন্তৰ্গত নিংথেমচা কাৰোঙত থকা নাওৰিয়া পাখংলাকপা বিধানসভা সমষ্টিৰ বিধায়ক সোৰাইচাম কেবিৰ বাসগৃহৰ গেটত সন্মুখত সংঘটিত হয় এই ঘটনা।

বাইকত অহা দুই অচিনাক্ত দুৰ্বৃত্তই এটা কম শক্তি সম্পন্ন IED বিধায়কগৰাকীৰ গৃহলৈ নিক্ষেপ কৰি পলায়ন কৰে । আৰক্ষীৰ সূত্ৰ অনুসৰি IED টো বিস্ফোৰণ হয় আৰু কোনো লোক হতাহত হোৱা নাই । ৮ জুনত সংঘটিত হয় এই ঘটনা ।

উল্লেখ্য যে বৃহস্পতিবাৰে মণিপুৰত বৃদ্ধি কৰা হয় ইণ্টাৰনেট কৰ্তনৰ ম্যাদ । ১০ জুনৰ বিয়লি ৩ বজালৈকে বৃদ্ধি কৰা হৈছে এই ম্যাদ ।

Share to your Social Account
Tagged: