Home / Regional / Assam / বিদ্যুৎ মাচুল বৃদ্ধিঃ জুবিন পত্নী বনাম APDCL

বিদ্যুৎ মাচুল বৃদ্ধিঃ জুবিন পত্নী বনাম APDCL

নিউজ ডেস্ক, ৯ জুনঃ বিদ্যুৎ মাচুল বৃদ্ধিক লৈ এইবাৰ সামাজিক মাধ্যমত যুদ্ধত নামিছে গায়ক জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু APDCL । দুদিন পূৰ্বে গৰিমা গাৰ্গে বিদ্যুতৰ দাম বৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখিছিল, ” যোৱা মাহত ১০,৫০০ এই মাহৰ প্ৰথম ৫ দিনত ২০০০.. মানে মাহৰ শেষলৈ ১২০০০ । বহেমিয়ানৰ ঘৰ বুলি দুটা কোঠাত বেছিভাগ সময় লাইট ফেন ও বন্ধ থাকে । আমাৰ ওচৰত ডাঙৰ গছো নাই ।”

ইয়াৰ পাছতেই APDCLয়ে কমেণ্টত প্ৰক্ৰিয়া প্ৰকাশ কৰি কয় যে এপ্ৰিল মাহত ৬,০৯৮ টকা মাছুল পৰিশোধ কৰাৰ বিপৰীতে মে’ মাহত ৬,৪৫৯ টকা মাছুল পৰিশোধ কৰিছে গৰিমা শইকীয়া গাৰ্গে । এপ্ৰিলত ৰিচাৰ্জ কৰা নাই বাবে মে’ত দুমাহৰ ৰিচাৰ্জ কৰিবলগীয়া হৈছে । APDCLৰ এই অভিযোগক লৈ পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৰিমা শইকীয়া গাৰ্গে ।

তেওঁ ফেচবুকত লিখিছে,”কিছুমান কথা ভিত্তিহীন ভাবে এনেই কোৱা নাযায় । ৩০০ টকাৰ balance দেখি ৰাতি ২ বজাত recharge কৰিছিলোঁ । ৮ জুন তাৰিখ উল্লেখ কৰা আছে । এতিয়া ১৫ ঘণ্টাত বাকী কিমান আছেগৈ সেয়াও স্পষ্ট হৈ আছে । আৰু recharge নাথাকিলে দেখোন তৎক্ষণাৎ লাইন কাটি দিয়ে । আমাৰো prepaid connection ৰ জ্ঞান নথকাৰ বাবে বিহু অনুষ্ঠান চলি থকাৰ মাজত সেই অভিজ্ঞতা হৈছে ।একো নাই বাৰু, এটা কথাই বুজিলো যে আমাৰ সুবিধা অসুবিধা বা সমস্যাৰ কথা ইয়াৰ পিছত আৰু নোকোৱাই বা নজনোৱাই ভাল ।”

মুঠৰ ওপৰত এতিয়া গৰিমা শইকীয়া আৰু APDCLৰ মাজত চলিছে ফেচবুক যুদ্ধ ।

Share to your Social Account
Tagged:

Leave a Reply

Your email address will not be published. Required fields are marked *