সহস্ৰাধিক ৰোহিংগীয়াক উভতাই পঠাবলৈ যো-জা বাংলাদেশৰ

তেওঁ লগতে কয় যে যিসকল লোকে ৰহিংগীয়াসকলৰ বিৰুদ্ধে “জেনোচাইডেল” আক্ৰমণ চলাইছিল তেওঁলোক এতিয়া শাসনত আছে ৷ এই আক্ৰমণৰ ফলত কেইবা হাজাৰ লোক দেশৰ পৰা পলায়ন কৰিছিল ৷

Share to your Social Account

নেশ্যেনেল ডেস্ক, 9 জুনঃ ম্যানমাৰত মানৱ অধিকাৰৰ পৰিস্থিতিৰ ওপৰত ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিবেদক টম এণ্ড্ৰুজে কয় যে ৰহিংগীয়া শৰণাৰ্থীসকলক ঘূৰাই অনাৰ বাবে ম্যানমাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷

তেওঁ লগতে কয় যে যিসকল লোকে ৰহিংগীয়াসকলৰ বিৰুদ্ধে “জেনোচাইডেল” আক্ৰমণ চলাইছিল তেওঁলোক এতিয়া শাসনত আছে ৷ এই আক্ৰমণৰ ফলত কেইবা হাজাৰ লোক দেশৰ পৰা পলায়ন কৰিছিল ৷ সেই আক্ৰমণকাৰীসকল এতিয়া শাসনত আছে আৰু “ৰহিংগীয়া নাগৰিকত্ব আৰু অন্যান্য মৌলিক অধিকাৰ অস্বীকাৰ কৰি সাধাৰণ ৰাইজক আক্ৰমণ কৰিছে”।

উল্লেখ্য যে ম্যানমাৰৰ অধিকাংশ শৰণাৰ্থীয়ে বৰ্তমান আশ্ৰয় লৈ আছে বাংলাদেশত ৷ এণ্ড্ৰুজৰ বিবৃতি অনুসৰি, বাংলাদেশৰ চৰকাৰে ভাবুকিৰে ১,১৪০ জন ৰহিংগীয়া শৰণাৰ্থীৰ এটা প্ৰাৰম্ভিক গোট ম্যানমাৰলৈ ঘূৰাই পঠোৱাৰ পৰিকল্পনা কৰিছে ৷

খবৰ অনুসৰি উভতাই পঠিওৱা লোকসকলক ৰাখাইন প্ৰদেশৰ ট্ৰেনজিৎ কেন্দ্ৰসমূহৰ মাজেৰে পাৰ হৈ ‘১৫ খন নতুনকৈ নিৰ্মাণ কৰা গাঁৱৰ নিৰ্ধাৰিত এলেকা’ত পুনৰ বসতি স্থাপন কৰিব আৰু তেওঁলোকে মুক্তভাৱে চলন-ফুৰন কৰিব নোৱাৰিব ৷

ম্যানমাৰৰ জুণ্টাৰ বিষয়াসকলৰ সৈতে হোৱা বাংলাদেশ চৰকাৰৰ এক আলোচনাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷

‘‘এই পৰিস্থিতিত ৰহিংগীয়া শৰণাৰ্থীসকলক উভতাই পঠিওৱাৰ ফলত আন্তৰ্জাতিক আইনৰ অধীনত বাংলাদেশৰ দায়বদ্ধতা উলংঘা হ’ব আৰু ৰহিংগীয়াসকলক সৰ্বাধিক মানৱ অধিকাৰ উলংঘন আৰু ভৱিষ্যতে অত্যাচাৰৰ সন্মুখীন হ’ব ৷”এণ্ড্ৰুজে লগতে কয় ৷

শৰণাৰ্থীসকলে পুনৰ ম্যানমাৰলৈ ঘূৰি যাবলৈ সন্মতি প্ৰকাশ কৰিছে বুলিও উল্লেখ কৰিছে বাংলাদেশ চৰকাৰে ৷ কিন্তু এণ্ড্ৰুজে বাংলাদেশ চৰকাৰক এই প্ৰত্যাৱৰ্তন কাৰ্যসূচী তৎক্ষণাৎ স্থগিত ৰাখিবলৈ অনুৰোধ জনাইছে ৷’’

ম্যানমাৰত পুনৰ ৰোহিংগায়ীসকলে সন্মুখীন হ’ব পৰা অত্যাচাৰৰ কথা উপলব্ধি কৰি ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিবেদক টম এণ্ড্ৰুজক ৰোহিংগীয়াৰ সমৰ্থন থিয় হ’বলৈ বিশ্বক আহ্বান জনাইছে ৷

লগতে বাংলাদেশ চৰকাৰক তেওঁলোকৰ সকলো অধিকাৰ নিশ্চিত কৰাৰ লগতে তেওঁলোকক শিক্ষাৰ সুবিধা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে ৷ লগতে ম্যানমাৰৰ জুণ্টাকো ৰোহিংগীয়াৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে আহ্বান জনাইছে ৷

Share to your Social Account