এফ বি আই আৰু আমেৰিকাৰ ন্যায় বিভাগক চোকা সমালোচনা ড’নাল্ড ট্ৰাম্পৰ

Donald Trump has slammed the FBI and the US Justice Department

ইণ্টাৰ্নেচেনেল সেৱা, ১২ জুনঃ তিনিমাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে অভিযোগনামা দাখিল কৰা হৈছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। ফেডাৰেল অপৰাধৰ অভিযোগত অভিযুক্ত হোৱা প্ৰথমজন প্ৰাক্তন ৰাষ্ট্ৰপতি। অৱশ্যে যোৱা শনিবাৰে অনুষ্ঠিত হোৱা দুখন নিৰ্বাচনী বৈঠকত ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ন্যায় বিভাগক কঠোৰভাৱে অপমান কৰিছিল। বিবিচিৰ বাতৰি।

যোৱা শুকুৰবাৰে ট্ৰাম্পৰ বিৰুদ্ধে দাখিল কৰা ৩৭টা অভিযোগনামাত কোৱা হৈছে যে ট্ৰাম্পে স্পৰ্শকাতৰ চৰকাৰী নথি-পত্ৰৰ সৈতে খেলা-ধূলা কৰি ৰাষ্ট্ৰীয় নিৰাপত্তা বিপন্ন কৰি এই কাণ্ডৰ তদন্তত বাধাৰ সৃষ্টি কৰিছে।

ট্ৰাম্পে কয় যে তেওঁৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগসমূহ একেবাৰে “হাস্যকৰ” আৰু “ভিত্তিহীন”। আজিৰ দিনটোতে ট্ৰাম্পে আমেৰিকাৰ ন্যায় বিভাগ আৰু কেন্দ্ৰীয় কাৰ্যালয়ক কঠোৰ ভাষাৰে আক্ৰমণ কৰে।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে দুৰ্নীতিগ্ৰস্ত এফ বি আই আৰু ন্যায় বিভাগৰ এই অভিযোগ নিৰ্বাচনত হস্তক্ষেপৰ অংশ। যোৱা শনিবাৰে ট্ৰাম্পে জৰ্জিয়া আৰু নৰ্থ কেৰ’লিনাত প্ৰায় এঘণ্টা ধৰি ভাষণ দিছিল। সেই সময়ত ট্ৰাম্পে কৈছিল যে এফ বি আইৰ এজেণ্টে বন্দুকৰ গুলীত মাৰ-অ’-লাগোত তালাচী চলাইছিল।

জৰ্জিয়াত ৰিপাব্লিকান পাৰ্টিৰ অধিৱেশনত ভাষণ দি তেওঁ কয় যে তেওঁলোকে প্ৰতাৰণা কৰিছে, তেওঁলোক প্ৰৱঞ্চক, তেওঁলোক দুৰ্নীতিগ্ৰস্ত – এই অপৰাধীসকলক কোনো ধৰণে পুৰস্কৃত কৰিব নোৱাৰি, তেওঁলোকক পৰাস্ত কৰিব লাগিব।

ইয়াৰ উপৰিও ট্ৰাম্পে নিজৰ কাৰ্যকালক আটাইতকৈ সফল সময় বুলি দাবী কৰিছে। তেওঁ কয়, আমি বৰ্তমানৰ শাসকসকলৰ ৰাজনৈতিক ক্ষমতাৰ সন্মুখীন হ’ম… আমি আৰম্ভ কৰা কামখিনি শেষ কৰিম।

Share to your Social Account