গুপ্তহত্যাৰ নায়ক নহয় প্ৰফুল্ল কুমাৰ মহন্ত; ন্যায়ালয়ে দিলে ৰায়
নিউজ ডেস্ক, ১২ জুনঃ মুখ্যমন্ত্ৰী হৈ থকাৰ কালছোৱাত জাতীয় গণ শত্ৰুত পৰিণত হোৱা প্ৰফুল্ল কুমাৰ মহন্ত গুপ্তহত্যাৰে জড়িত নহয় । সোমবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সকলো দাগ নিকা কৰি এই ৰায় দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।
উল্লেখ্য যে ২০০৫ চনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালত ৰাজ্যত সংঘটিত হোৱা গুপ্তহত্যাৰ তদন্তত বাবে ন্যায়াধীশ কে এন শইকীয়াৰ নেতৃত্বত গঠন কৰিছিল এখন আয়োগ । কে এন শইকীয়া আয়োগে দাখিল কৰা প্ৰতিবেদন ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত খাৰিজ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে ।
উল্লেখ্য যে ২০০৭ চনৰ নৱেম্বৰত অসম বিধানসভাত উত্থাপন কৰা প্ৰতিবেদনত, শইকীয়া আয়োগে ১৯৯৮-২০০১ চনত অসমৰ বিদ্ৰোহী সংগঠন আলফাৰ নেতা আৰু কেডাৰৰ পৰিয়ালৰ সদস্য আৰু কেডাৰসকলৰ সাংবিধানিক বহিৰ্ভূত হত্যাৰ বাবে তদানীন্তন মুখ্যমন্ত্ৰী মহন্ত আৰু তদানীন্তন আৰক্ষীৰ শীৰ্ষ বিষয়াসকলক অভিযুক্ত কৰিছিল।
ন্যায়াধীশ উজ্জল ভূঞা বিচাৰপীঠে তেতিয়া কয় যে এই সন্দৰ্ভত জাৰী কৰা দুটা অধিসূচনাই তদন্ত আয়োগ আইন, ১৯৫২ৰ ধাৰা উলংঘা কৰিছে। যাৰ বাবে নিৰ্দোষ বুলি কোৱা হয় প্ৰফুল্ল কুমাৰ মহন্তক।
ইফালে ২০১৮ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই তদন্ত প্ৰতিবেদন খাৰিজ কৰাৰ পাছত এই ৰায়ক প্ৰত্যাহ্বান জনাই সাংসদ অজিত কুমাৰ ভূঞা আৰু সমাজকৰ্মী অনন্ত কলিতাই দাখিল কৰিছিল লেখ আবেদন । কিন্তু সোমবাৰে তেওঁলোকৰ আবেদন খাৰিজ কৰি এসময়ত গুপ্তহত্যাৰ নায়ক হিচাপে জনমানসত পৰিচিত হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক ক্লীনচিট দিলে ন্যায়ালয়ে ।
মুখ্য ন্যায়াধীশ সন্দীপ মেহতাৰে গঠিত বিচাৰপীঠে প্ৰদান কৰে এই ৰায়দান ৷ এতিয়া দ্বিতীয়বাৰৰ বাবে প্ৰফুল্ল কুমাৰ মহন্তক নিৰ্দোষ বুলি ৰায় দিলে ন্যায়ালয়ে।