Home / Regional / Manipur / Manipur Violence: মণিপুৰৰ মন্ত্ৰী আৰ কে ৰঞ্জন সিঙৰ বাসগৃহত দুৰ্বৃত্তৰ অগ্নি সংযোগ

Manipur Violence: মণিপুৰৰ মন্ত্ৰী আৰ কে ৰঞ্জন সিঙৰ বাসগৃহত দুৰ্বৃত্তৰ অগ্নি সংযোগ

নিউজ ডেস্ক, ১৬ জুনঃ মণিপুৰত জাতিগত হিংসাৰ মাজতে বৃহস্পতিবাৰে নিশা ইম্ফলৰ কংবাত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী আৰ কে ৰঞ্জন সিঙৰ বাসগৃহত একাংশ উত্তেজিত লোকৰ অগ্নি সংযোগ। ঘটনাটো সংঘটিত হোৱাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী আৰু তেওঁৰ পৰিয়াল ঘৰত উপস্থিত নাছিল।

“মই বৰ্তমান চৰকাৰী কামৰ বাবে কেৰালাত আছো। সুখৰ কথা যে, যোৱা নিশা মোৰ ইম্ফলৰ ঘৰত কোনেও আঘাত প্ৰাপ্ত হোৱা নাই । দুৰ্বৃত্তই পেট্ৰ’ল বোমাৰে মোৰ ঘৰৰ তলৰ মহলা আৰু প্ৰথম মহলাত ক্ষতি সাধন কৰা কৰে,” ৰঞ্জন সিঙে সংবাদ সংস্থা এএনআইক কয়।

উল্লেখ্য যে দুদিন পূৰ্বে ৯ জন লোকক গুলীয়াই হত্যা কৰা হয় আৰু আন ১০ জন আহত হয়।মুখ্যমন্ত্ৰী এন বীৰেন সিঙে বৃহস্পতিবাৰে কয়, “চৰকাৰে একাধিক পৰ্যায়ত আলোচনা কৰি আছে আৰু আশ্বাস দিছে যে হিংসাত জড়িত সকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব। মণিপুৰত বুধবাৰে সংঘটিত এক নতুন হিংসাত্মক ঘটনাত ৯ জন লোক নিহত হয় আৰু ১০ জন আহত হয়।”

Share to your Social Account
Tagged: