লটাৰীৰ নামত প্ৰৱঞ্চনা; চাৰি প্ৰৱঞ্চকক আটক

0

পুৱতি নিশা অভিযানকাৰী আৰক্ষী দলটোৱে চাৰি লটাৰী মাফিয়াক লৈ উপস্থিত হয় তিনিচুকীয়া সদৰ থানাত৷

Share to your Social Account

নিউজ ডেস্ক, 20 জুন: নিশা শিৱসাগৰৰ ভিন্ন স্থানত চলিল তিনিচুকীয়া আৰক্ষীৰ অভিযান৷ লটাৰীৰ প্ৰৱঞ্চক চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ এই অভিযান৷ অভিযানত আটক চাৰিটাকৈ লটাৰী মাফিয়া৷ জব্দ লটাৰীত ব্যবহৃত দুখনকৈ বিলাসী বাহন ৷ বহু নথিপত্ৰও জব্দ আৰক্ষীৰ ৷ মৰাণ আৰু টিয়কতো প্ৰৱঞ্চক চক্ৰৰ বিৰুদ্ধে চলিছিল অভিযান৷

তিনিচুকীয়া সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁইৰ নেতৃত্বত যোৱা এটা বৃহৎ আৰক্ষীৰ দলে গোটেই নিশা চলাইছিল অভিযান৷ পুৱতি নিশা অভিযানকাৰী আৰক্ষী দলটোৱে চাৰি লটাৰী মাফিয়াক লৈ উপস্থিত হয় তিনিচুকীয়া সদৰ থানাত৷

ৰাজ্যৰ বিভিন্ন স্থানত লটাৰীৰ নামত এখন বৃহৎ জাল পেলাই প্ৰৱঞ্চক চক্ৰটোৱে লুষ্ঠন চলাই গৈছিল কোটি কোটি টকা৷ আটকাধীন চাৰিওকে মাৰাথন জেৰা অব্যাহত ৰাখিছে তিনিচুকীয়া আৰক্ষীৰ৷ উল্লেখ্য যে তিনিচুকীয়াত এটা চক্ৰই লটৰীৰ নামত পেলাইছিল ভয়ংকৰ প্ৰৱঞ্চনাৰ জাল ৷ তিনিচুকীয়াৰ ২ নং কদমনি নামঘৰৰ সাহায্যাৰ্থে আয়োজন কৰা লটাৰী খেলৰ নামত প্ৰায় 3 কোটি টকা আত্মসাৎ কৰিছিল এই চক্ৰটোৱে ৷

Share to your Social Account

Leave a Reply

Your email address will not be published. Required fields are marked *