খঁকুৱা আৰক্ষী; গোৱালপাৰাত ধনদাবী কৰা অ’চিসহ চাৰি আৰক্ষীৰ ৰিজাৰ্ভ ক্ল’জ
নিউজ ডেস্ক, ২৫ নৱেম্বৰ: আৰক্ষীৰ বিৰুদ্ধে পুনৰ ধনদাবীৰ অভিযোগ উত্থাপন হৈছে । ধনদাবী কৰাৰ অপৰাধত গোৱালপাৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ চাৰি আৰক্ষীক ৰিজাৰ্ভ ক্ল’জ কৰা হয় ।
জানিব পৰা মতে, ধুমেৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ চাৰি আৰক্ষীয়ে জুৱাৰীক প্ৰহাৰ কৰাৰ লগতে ধন দাবী কৰিছিল ৷ ইয়াৰ পিছতেই অভিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতু বৰুৱা, দুই কনিষ্টবল পিংকু বৰুৱা, ৰকিবুল ইছলাম আৰু গাড়ী চালক সুকুমাৰ বৰ্মনক আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডিয়ে ৰিজাৰ্ভ ক্ল’জ কৰিছে ।
অবৈধ জুৱা খেল উচ্ছেদ কৰা সময়ত জুৱাৰীক ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতু বৰুৱাৰ নেতৃত্বত দুই কনিষ্টবল আৰু চালকজনে লাঠি চালনা কৰাৰ অভিযোগ উত্থাপন হৈছিল । এই ঘটনাত আহত হৈছিল এগৰাকী লোক ।
ইয়াৰ পাছতে ভুক্তভোগী পৰিয়ালে ন্যায় বিচাৰি আৰক্ষী অধীক্ষকৰ ওচৰত অভিযোগ দাখিল কৰিছিল । লগতে নিতু বৰুৱাৰ বিৰুদ্ধে জুৱাৰীক ধন দাবী কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে অভিযোগকাৰীয়ে ।
এই অভিযোগৰ ভিত্তিতে আৰক্ষী অধীক্ষকগৰাকীয়ে দুদিনমান পূৰ্বে ধুমেৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ চাৰিগৰাকীকৈ আৰক্ষীক ৰিজাৰ্ভ ক্ল’জ কৰে ।